ETV Bharat / city

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Dec 5, 2020, 11:06 AM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

যোৰহাটত বিদায় অনুষ্ঠানত আৱেগিত হৈ পৰিল লুৰিণজ্যোতি গগৈ

যোৰহাটত লুৰিণজ্যোতি গগৈৰ বিদায় অনুষ্ঠান । শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হয় এই সম্বৰ্ধনা অনুষ্ঠান ৷ এই অনুষ্ঠানত আৱেগিক হৈ পৰে লুৰিণজ্যোতি গগৈ ৷

কংগ্ৰেছত যোগদান প্ৰাক্তন বিজেপি-এআইইউডিএফৰ দুই নেতাৰ

আজি কমিগঞ্জত অনুষ্ঠিত হ'ব এখন কৰ্মী সভা ৷ এই সভাতেই কংগ্ৰেছত যোগদান কৰিব ৰাতাবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক শম্ভু সিং মাল্লা আৰু কৰিমগঞ্জ জিলাৰ প্ৰাক্তন এআইইউডিএফৰ সভাপতি আব্দুল মালিক চৌধুৰীয়ে ৷

শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত দোকান-ঘৰ

শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত দোকান-ঘৰ ৷ নগৰৰ খাটপথাৰত 5 খন দোকান আৰু 3 টা ঘৰ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ।

আজি দুদিনীয়া ভ্ৰমণসূচীৰে বৰাকত উপস্থিত হ'ব জীতেন্দ্ৰ সিং

আজি দুদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকাত উপস্থিত হ'ব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক জীতেন্দ্ৰ সিং ৷ 7 ডিচেম্বৰত তেওঁ ডিমা হাছাওলৈ ৰাওনা হ'ব ৷

বিজেপিক এক বৃহৎ তিমি মাছৰ লগত তুলনা কংগ্ৰেছ-এআইইউডিএফৰ

শুকুৰবাৰে ৰঙিয়াৰ উলুবাৰীত কংগ্ৰেছ আৰু এআইইউডিএফৰ যৌথ নিৰ্বাচনী সভাত ভাগ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলকে ধৰি দুয়োটা দলৰ শীৰ্ষ নেতৃত্বই ৷ সভাত বিজেপি আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে দুয়োটা দলে ৷

দিল্লীলৈ সোণোৱালৰ চিঠি: ডিব্ৰুগড় দূৰদৰ্শন আৰু অনাতাৰ কেন্দ্ৰক বৰ্তমানৰ ৰূপতে বাহাল ৰাখক

ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ আৰু দূৰদৰ্শন কেন্দ্ৰক কেৱল ৰীলে চেন্টাৰলৈ পৰিৱৰ্তিত কৰিবলৈ লোৱা সিদ্ধান্ত সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰলৈ এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী সোণোৱালৰ ৷

অহা বিধান সভা নিৰ্বাচনত অসমৰ পৰা নিঃশেষ হ’ব বিজেপি দল: চন্দন ব্ৰহ্ম

চিৰাঙৰ আমগুৰিত ১৬ নং নিচিমা পৰিষদীয় সমষ্টিৰ বিপিএফৰ নিৰ্বাচনী সভাত মন্ত্ৰী চন্দন ব্ৰহ্ম । সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই সতীৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় য়ে, বিটিচি হিমন্তৰ পৈতৃক সম্পত্তি নহয় যে ইয়াত যধে-মধে যি মন তাকে কৰিব ।

কাৰেন্ট লাগিছে হিমন্তৰ গাত, সেয়ে নাচিছে : আজমল

বাক্সাৰ মথনগুৰি সমষ্টিত কংগ্ৰেছ-এআইইউডিএফ মিত্ৰজোঁটৰ বিশাল নিৰ্বাচনী সভা ৷ সভাত উপস্থিত এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমল, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, কংগ্ৰেছ নেতা ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ ৷

অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল ৰায়গড় আৰক্ষীৰ

ৰায়গড় আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী আৰু অন্য দুজন লোকৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে উচতনি দিয়াৰ অভিযোগত 2018 চনত ৰুজু হোৱা এক গোচৰ সন্দৰ্ভত চাৰ্জ শ্বীট দাখিল কৰে ৷ এই চাৰ্জ শ্বীট ৰায়গড় জিলাৰ আলিবাগৰ এখন আদালতত দাখিল কৰা হৈছে ৷

মালিগাঁৱত পৰকীয়া প্ৰেমৰ বাবেই পত্নীক নিৰ্যাতন স্বামীৰ

পুনৰ গুৱাহাটী মহানগৰীত মহিলা নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে । মহানগৰীৰ মালিগাঁৱৰ পশ্চিম গোটানগৰত পত্নীক চোকা অস্ত্ৰৰে মৃত্যুৰ ভাবুকি স্বামীৰ । ৰুবুল চৌধুৰী নামৰ এগৰাকী লোকৰ বিৰুদ্ধে পত্নীয়ে উত্থাপিত কৰিছে এই অভিযোগ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.