ETV Bharat / city

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Nov 16, 2020, 11:14 AM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

জম্মু-কাশ্মীৰৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত অনুৰাগ ঠাকুৰ

জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰাৰ পিচতেই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৷ বিজেপিয়ে নিৰ্বাচনত নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্বভাৰ প্ৰদান কৰিছে দলটোৰ যুৱ নেতা তথা কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী অনুৰাগ ঠাকুৰক ৷

ডুমডুমাৰ বাইপাছত প্ৰত্যক্ষ বন্যহস্তীৰ বৃহৎ জাক

ডুমডুমা বাইপাছলৈ ওলাই আহিল বন্যহস্তীৰ বৃহৎ জাক ৷ খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাকতো ওলাই অহাৰ সন্দেহ ৷ আতংকিত বাইপাছেৰে যাতায়ত কৰা লোক ৷

হৰধন ৰায়ৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ 20 লাখ টকাৰ এককালীন সাহাৰ্য

শ্বহীদ সেনা জোৱান হৰধন ৰায়ৰ পৰিয়াললৈ 20 লাখ এককালীন সাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ অসমে এজন বীৰ সন্তান হেৰুৱালে বুলি মন্তব্য মুখ্যমন্ত্ৰী সোণোৱালৰ ৷

ফুটবলক বিদায় জনালে আৰ্জেন্টিনাৰ জেভিয়াৰ মাছেৰানুয়ে

36 বছৰ বয়সত ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিলে আৰ্জেন্টিনাৰ ফুটবলাৰ জেভিয়াৰ মাছেৰানুয়ে ৷ আক্ৰমণাত্মক মিডফিল্ডাৰ জেভিয়াৰে ক্লাৱ ফুটবলত ৰিভাৰ প্লেট, কৰিনথিয়ানছ, লিভাৰপুল আৰু বাৰ্চিলোনাৰ হৈ অংশগ্ৰহণ কৰিছিল ৷

বিটিচিত চৰকাৰ গঠন কৰাৰ দাবী নৱ শৰণীয়াৰ

এইবাৰ অবড়ো সুৰক্ষা সমিতিয়ে চৰকাৰ গঠন কৰিলে বিটিচিত অবড়ো সকলৰ সুবিধা প্ৰদান কৰা হ'ব বুলি আশ্বাস দিয়ে সাংসদ নৱকুমাৰ শৰণীয়াই । হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলি হাগ্ৰামা মহিলাৰীয়ে দুৰ্নীতি কৰা বুলি প্ৰকাশ কৰে শৰণীয়াই ৷

26 নবেম্বৰত ধৰ্মঘট কাৰ্যসূচীৰ আহ্বান ট্ৰেড ইউনিয়নৰ

26 নবেম্বৰত দেশজোৰা এক ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ট্ৰেড ইউনিয়ন ফেডাৰেশ্বনে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'লৱে মজদুৰ ইউনিয়ণৰ সাধাৰণ সম্পাদক আশিষ বিশ্বাসে নিউ বঙাইগাঁওৰ এক সভাত অংশগ্ৰহণ কৰি এই কথা সদৰি কৰে ৷

কাৰ্বি আংলং জিলাৰ মাঞ্জা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

দেওবাৰে সন্ধিয়া কাৰ্বি আংলং জিলাৰ মাঞ্জা বজাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ ইয়াৰ পিচতে সমগ্ৰ অঞ্চলটোত আতংকময় পৰিবেশে বিৰাজ কৰে ৷ অগ্নিকাণ্ডৰ ঘটনাত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

ইথিওপিয়াত সন্ত্ৰাসবাদী আক্ৰমণত নিহত 34 বাছ আৰোহী

ইথিওপিয়াত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱাইছে 34 বাছ আৰোহীয়ে ৷ ইথিওপিয়াৰ পশ্চিমীয়া বেনিশানগুল-গুমুজ অঞ্চলত সংঘটিত এই ঘটনা ৷

শ্ৰী নগৰত বিএচএফ সৈন্যলৈ শেষ শ্ৰদ্ধাঞ্জলী

শুকুৰবাৰে কৰ্তব্যৰ প্ৰতি নিজৰ নিষ্ঠতা প্ৰকাশ কৰি দেশৰ হকে আত্মবলিদান দিয়া 1011 ৰ বিএচএফ আৰ্টিলেৰী ৰেজিমেন্টৰ এছ আই (জি ডি) ৰাকেশ ড'ভালক শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে কাশ্মীৰ ফ্ৰন্টিয়াৰ বিএচএফে এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

বজালীত পুখুৰীত পৰি সন্ধানহীন এজন লোক

ৰাজেন দাস নামৰ এজন লোক দেওবাৰে এটা পুখুৰীত পৰি নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বন্ধসিধনী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পুখুৰীত দুপৰীয়া ভাগত সংঘটিত হয় এই অঘটন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.