ETV Bharat / city

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Oct 23, 2020, 11:05 AM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

নৱপত্ৰিকা অনুষ্ঠানেৰে আৰম্ভ মহিষমৰ্দিনীৰ সপ্তমী পূজা

বহু অপেক্ষাৰ অন্তত ধৰাৰ বুকুলৈ নামি আহিল মহিষমৰ্দিনী দেৱী দুৰ্গা ৷ ষষ্ঠী তিথিত বোধন আমন্ত্ৰণ আৰু দেৱীক পূজাৰ বেদীত প্ৰতিষ্ঠা কৰাৰ পাচত আজি মহাসপ্তমী ৷ মহাসপ্তমীৰ দিনটোকেই দুৰ্গা পূজাৰ প্ৰথমটেো দিন হিচাপে ধৰা হয় ৷

অৱশেষত নিলম্বন হ'ল কুমাৰ সঞ্জিৎ কৃষ্ণ

গ্ৰেপ্তাৰৰ এসপ্তাহৰ পাচত চাকৰিৰ পৰা নিলম্বিত হ'ল আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে কুমাৰ সঞ্জিৎ কৃষ্ণৰ নিলম্বনৰ ফাইলত অনুমোদন জনায় ৷

ডুমডুমাৰ হাপজানত ৬ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা

ডুমডুমাৰ হাপজানত এগৰাকী 6 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হয় ৷ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত দিলীপ মাৰাণ্ডী নামৰ এজন যুৱকক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে ৷

ঋত্বিক ৰোশনৰ মাতৃ ক'ভিড-19 ত আক্ৰান্ত

অভিনেতা ঋত্বিক ৰোশনৰ মাতৃ পিনি ৰোশন শেহতীয়াকৈ ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ বৰ্তমান তেওঁ হোম কোৱাৰেন্টাইন হৈ থকা বুলি জানিব পৰা গৈছে ৷

ক্ৰমাৎ বৃদ্ধি পাইছে হোৱাইট হাউছ দখলৰ যুঁজ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পাইছে হোৱাইট হাউছ দখলৰ যুঁজ ৷ বৃহস্পতিবাৰৰ বিতৰ্কত বহুতো গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ডেমক্ৰেটিক চেলেঞ্জাৰ জ' বিডেনৰ ৷

ৰাহুল গান্ধীৰ অনুপস্থিতিত সন্মুখৰ পৰা নেতৃত্বত তেজস্বী যাদৱ

বিহাৰ বিধানসভা নিৰ্বাচনলৈ এসপ্তাহ বাকী থকা অৱস্থাত বিহাৰত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে এতিয়াও নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা নাই যদিও মহাজোঁট বন্ধনক সন্মুখৰ পৰা নেতৃত্ব দিছে মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী তেজস্বী যাদৱে ৷

ফেচবুক ইণ্ডিয়ালৈ চমন জাৰি জম্বু-কাশ্মীৰ চৰকাৰৰ

ফেচবুকলৈ চমন জাৰি জম্মু-কাশ্মীৰ চৰকাৰৰ ৷ তথ্য প্ৰযুক্তি আইন 2020 ৰ অধীনত অনলাইন ঠগ প্ৰৱঞ্চক কেলেংকাৰীৰ তদন্ত কৰিবলৈ এই চমন জাৰি ৷ 12 নৱেম্বৰত কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ ফেচবুকৰ পৰিচালক তথা আন বিষয়াক ৷

বে-আইনীভাৱে আমেৰিকাত থকাৰ অভিযোগত গ্ৰেপ্তাৰ 11 গৰাকী ভাৰতীয় শিক্ষাৰ্থী

আইন শৃংখলা নিয়ন্ত্ৰণকাৰী সংস্থাই জালিয়াতিৰে এখন দেশৰ আভ্যন্তৰত থকাৰ অভিযোগত ভাৰতৰ 11 গৰাকী শিক্ষাৰ্থী সহিতে মুঠ 15 গৰাকী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰে ৷ জালিয়াতিৰে আমেৰিকাত থকাৰ অভিযোগত 11 জনকৈ ভাৰতীয় শিক্ষাৰ্থীৰ লগতে দুজন লিবিয়ান, এজন ছেনেগাল আৰু এজন বাংলাদেশী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰে ৷

তদন্তকাৰী বিষয়াক ঘোচ দিবলৈ গৈ আটক কনিষ্ঠ অভিযন্তা

বৰপেটাত ঘোচ দিবলৈ আহি হাতে-লোটে গ্ৰেপ্তাৰ হ'ল এগৰাকী কনিষ্ঠ অভিযন্তা ৷ আৰক্ষীৰ জালত পৰা বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তাগৰাকী নাছিৰুদ্দিন আহমেদ ৷

ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা বিষয়াৰ দেহাৱসান

ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা বিষয়া, উইং কামাণ্ডাৰ (অৱসৰপ্ৰাপ্ত) বিজয়লক্ষ্মী ৰমণনৰ দেহাৱসান ৷ 96 বছৰ বয়সত বাংগালুৰুত শেষ নিশ্বাস ত্যাগ কৰে ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা বিষয়াই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.