ETV Bharat / city

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Oct 22, 2020, 11:06 AM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

পিয়াজৰ আকাশলংঘী মূল্য হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

পিয়াজৰ আকাশলংঘী মূল্য নিয়ন্ত্ৰণৰ বাবে বন্ধ কৰা হৈছে ইয়াৰ ৰপ্তানি ৷ পূৰ্বৰ পণ্যাগাৰৰ পৰা যোগান ধৰা হৈছে পিয়াজ ৷ কেন্দ্ৰীয় চৰকাৰে আমদানীৰ ক্ষেত্ৰত থকা বিভিন্ন নিৰ্দেশাৱলীও শিথিল কৰিছে ৷ এই পদক্ষেপৰ জৰিয়তে পিয়াজৰ দাম হ্ৰাস পোৱাৰ লগতে সহজে উপলভ্য হ'ব ৷

আইপিএলত আজি মৰণপণ যুঁজত হায়দৰাবাদ বনাম ৰাজস্থান

ডুবাই আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আজি আইপিএলৰ 40 সংখ্যক মেচত মুখামুখি হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ ৷ প্লে'অফত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিবৰ বাবে আজি ৰাজস্থান দলে হায়দৰাবাদৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব ৷

বিহামপুৰত দুৰ্গা পূজা উদ্বোধন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

বুধবাৰৰ পৰা ছয় দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম নলবাৰীৰ বিহামপুৰত আৰম্ভ হৈছে বিহামপুৰ বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ । পুৱাৰে পৰা ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ আদি কাৰ্যসূচীৰ পিছত বুধবাৰে নিশা বিহামপুৰ বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ উদ্বোধন কৰে স্থানীয় বিধায়ক তথা উদ্যোগ আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।

তিনিচুকীয়াৰ পেঙেৰীত 699 জনক ম্যাদি পট্টা প্ৰদান

বুধবাৰে তিনিচুকীয়াৰ বুঢ়ীদিহিং মৌজাৰ মুঠ 699 জন লোকৰ মাজত ভূমি পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান ৷ এই বিতৰণ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই ।

প্ৰতিৰক্ষা ব্যৱস্থাপনা মহাবিদ্যালয় আৰু বাইছন ডিভিজন পৰিদৰ্শন সেনাপ্ৰধানৰ

ছেকেন্দ্ৰাবাদস্থিত প্ৰতিৰক্ষা ব্য়ৱস্থাপনা মহাবিদ্যালয় আৰু বাইছন ডিভিজনত উপস্থিত হয় স্থলসেনা প্ৰধান জেন. মনোজ মুকুন্দ নাৰাৱানে ৷ বুধবাৰে সেনাৰ এটি উচ্চ-পৰ্যায়ৰ বিষয়াৰ দলৰ সৈতে হায়দৰাবাদত উপস্থিত হয় স্থল সেনাধ্যক্ষগৰাকী ৷

কলকাতাত উপস্থিত গোৰ্খা জনমুক্তি মৰ্চাৰ প্ৰধান বিমল গুৰুং

পৃথক গোৰ্খা ৰাজ্যৰ দাবী উত্থাপন কৰি ৰাষ্ট্ৰযন্ত্ৰৰ ৰোষত পৰা গোৰ্খা জনমুক্তি মৰ্চাৰ প্ৰধান বিমল গুৰুঙক বুধবাৰে কলকাতাত প্ৰত্যক্ষ কৰা হয় ৷ 2017 চনৰ পৰা পলাতক হৈ থকা গুৰুঙৰ বিৰুদ্ধে ইউএপিএ আইনকে ধৰি 150 টাৰো অধিক গোচৰ ৰুজু হৈ আছে ৷

ইটিভিৰ বাতৰিৰ প্ৰভাৱ: পৰিয়ালৰ সৈতে মিলিত হন্সী প্ৰহৰী

ইটিভি ভাৰতে প্ৰচাৰ কৰা বাতৰিৰ পিচতেই পৰিয়ালৰ সৈতে মিলন হ'ল উত্তৰাখণ্ডৰ হন্সী প্ৰহৰীৰ ৷ হৰিদ্বাৰত ভিক্ষা মাগি জীৱন প্ৰৱৰ্তোৱা কুমাওন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী তথা দুটাকৈ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হন্সী প্ৰহৰীৰ বাতৰি ইটিভি ভাৰতত সবিস্তাৰে প্ৰকাশ হৈছিল ৷

বাক্সাত ইউপিপিএলৰ পদযাত্ৰা

বাক্সাত ইউ পিপি এল দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আৰম্ভ হয় পদযাত্ৰা ৷ বিটিআৰৰ ৪০ টা পৰিষদীয় সমষ্টিত ইউ পি পি এল দলে বিভিন্ন পৰিষদীয় সমষ্টিৰ গাঁৱে-গাঁৱে পদযাত্ৰা কৰি আছে ৷ বুধবাৰৰ পৰা আৰম্ভ হয় এই পদযাত্ৰা ৷

অসামাজিক কাৰ্য কলাপৰ কৰিডৰত পৰিণত গৌৰাং নদী পথ

অসামাজিক কাৰ্য কলাপৰ কৰিডৰত পৰিণত হৈছে গৌৰাং নদী পথ ৷ নিশাৰ আন্ধাৰত নৈ খনেৰে নিতৌ সৰবৰাহ হয় চোৰাং গৰু, ম'হকে আদি কৰি বিভিন্ন চোৰাং সামগ্ৰী ৷

চাৰিদুৱাৰত জুৱাৰ পয়োভৰঃ আৰক্ষীৰ অভিযানত জব্দ দুখন স্কুটি

জুৱাৰ বিৰুদ্ধে অভিযান শোণিতপুৰ আৰক্ষীৰ ৷ ৰঙাপৰাৰ চাৰিদুৱাৰত আৰক্ষীয়ে জুৱাৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে দুখনকৈ স্কুটি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.