ETV Bharat / city

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Oct 21, 2020, 10:45 AM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

ক’ভিড-19 পৰীক্ষাৰ তথ্য সন্দৰ্ভত CuRED ৱেবচাইট মুকলি কেন্দ্ৰৰ

CuRED নামৰ এক ৱেবচাইট মুকলি কেন্দ্ৰীয় স্বাস্থ্য,বিজ্ঞান আৰু প্ৰায়োগিক মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনৰ ৷ ক’ভিড-19ৰ পৰীক্ষা সন্দৰ্ভত ব্য়াপক তথ্য প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি এই ৱেবচাইটটো মুকলি কৰা হৈছে ৷

কৃষি আইনৰ বিৰোধিতাত সৰৱ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কৃষি আইনৰ বিৰোধিতা কৰি অতি শীঘ্ৰে এই আইনৰ বিপক্ষে পাঞ্জাৱ আদালতত এখন আৱেদন উত্থাপন কৰিব বুলি মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে পাঞ্জাৱৰ সমান্তৰালকৈ ৰাজস্থানটো এই আইনৰ বিৰোধিতাৰে আন্দোলন গঢ়ি তোলাৰ কথা উল্লেখ কৰে ৷

ঔৰংগাবাদত নিৰ্বাচনী প্ৰচাৰত তেজস্বী যাদৱলৈ চেণ্ডেল নিক্ষেপ

আৰজেডি নেতা তেজস্বী যাদৱলৈ এক নিৰ্বাচনী প্ৰচাৰত চেণ্ডেল নিক্ষেপ ৷ বিহাৰৰ ঔৰংগাবাদ জিলাৰ কুটুম্বা বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ সময়ত সংঘটিত এই কাণ্ড ৷

নিৰ্বাচনী ৰেলীত যোগ দিয়াৰ সিদ্ধান্ত মেলানিয়া ট্ৰাম্পৰ

মঙলবাৰে পেন্সিলভেনিয়াৰ এক নিৰ্বাচনী ৰেলীত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ ৷ ক’ভিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰাৰ পাচত এই সিদ্ধান্ত লৈছে মেলানিয়া ট্ৰাম্পে ৷

চাপৰত আৰক্ষীৰ জালত গাঞ্জাসহ সৰবৰাহকাৰী

মঙলবাৰে নিশা পুনৰ পূৱ বিলাসীপাৰাৰ চাপৰত 14 কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে গাঞ্জা ব্যৱসায়ীক আটক আৰক্ষীৰ ৷ গাঞ্জাখিনি 48 হাজাৰ টকাত ক্ৰয় কৰা ধৃত গাঞ্জা ব্যৱসায়ীয়ে সদৰি কৰে ৷

চামগুৰিত ধাবাৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

মঙলবাৰে নিশা চামগুৰিৰ ৰোড লাইন ধাবাৰ এক গোপন কক্ষৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ অবৈধ সুৰা ৷ লগতে আটক এজন সুৰা ব্যৱসায়ী ৷ আনহাতে ধাবাখনৰ স্বত্বাধিকাৰী আইজুল হককো আৰক্ষীয়ে আটক কৰে আৰক্ষীয়ে ৷

বঙাইগাঁৱত আধাৰশিলা স্থাপন মাল্টি মডেল লজিষ্টিকচ পাৰ্কৰ

বঙাইগাঁৱৰ যোগীঘোপাত মঙলবাৰে মাল্টি মডেল লজিষ্টিকচ পাৰ্কৰ আধাৰশিলা স্থাপন । কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে ভিডিঅ’ কনফেৰেন্সযোগে কৰে আধাৰশিলা ৷ কেইবাজনো মন্ত্ৰীসহ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে যোগীঘোপাত ।

বিপথগামী চীনা সৈন্যক শীঘ্ৰেই ভাৰতক ঘূৰাই দিয়াৰ আহ্বান চীনা কৰ্তৃপক্ষৰ

দেওবাৰে সন্ধানহীন হোৱা চীনা সৈন্যক ভাৰতে শীঘ্ৰেই মুক্তি দিয়াৰ আশা প্ৰকাশ চীনা কৰ্তৃপক্ষৰ ৷ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা (LAC)ত বিপথগামী হোৱা এগৰাকী চীনা সৈন্যক পূৱ লাডাখৰ ডেমচোক চেক্টৰত উদ্ধাৰ কৰে ভাৰতীয় সেনাই ৷

নতুন বাণিজ্যিক দক্ষিণমুখী নীতিত গভীৰ সম্পৰ্ক ৰক্ষা কৰিব ভাৰত-টাইৱানে

চীনৰ আধিপত্য কৌশল, টাইৱান আৰু ভাৰতৰ বাবে তাৎপৰ্যপূৰ্ণ সম্পৰ্কৰ ক্ষেত্ৰত নতুন দিল্লীত টাইৱানৰ সৈতে বাণিজ্যিক আলোচনাক লৈ দ্বীপ ৰাষ্ট্ৰৰ সৈতে গভীৰ সম্পৰ্ক ৰক্ষা কৰিব ভাৰতে ৷

মাদ্ৰাছা বন্ধৰ প্ৰসংগ : দিলীপ শইকীয়াৰ বিস্ফোৰণ

মাদ্ৰাছা বন্ধৰ প্ৰসংগত চৰকাৰক সমৰ্থন দিলীপ শইকীয়াৰ ৷ চৰকাৰী খৰছত ধৰ্মীয় শিক্ষা নহয় বুলি মন্তব্য দিলীপ শইকীয়াৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.