ETV Bharat / city

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 11 AM

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Oct 17, 2020, 11:10 AM IST

এছ আই কেলেংকাৰীৰ অভিযুক্ত দেৱৰাজ দাসক গ্ৰেপ্তাৰ

এছ আই কেলেংকাৰীৰ আন এজন অভিযুক্ত দেৱৰাজ দাসক গ্ৰেপ্তাৰ ৷ দেৱৰাজ দাসৰ ঘৰত দুবাৰলৈ চিআইডিৰ অভিযান ৷

এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত পি কে দত্তৰ জবানবন্দী গ্ৰহণ

শুকুৰবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় পি কে দত্তক । আদালতত প্ৰাক্তন উপ মহাপৰিদৰ্শক গৰাকীৰ জবানবন্দী সংগ্ৰহ কৰা হয় ।

পিলিভিটত ভয়ংকৰ পথ দুৰ্ঘটনা : মৃতকৰ সংখ্যা 9 লৈ বৃদ্ধি

পিলিভিটত বাছ আৰু কাৰৰ মুখামুখি সংঘৰ্ষত নিহত 9 জনকৈ লোক ৷ আনহাতে, 30 জনতকৈ অধিক লোক আহত ৷

ৰাষ্ট্ৰীয় সুৰক্ষা, ক'ভিড-19 সম্পৰ্কত ট্ৰাম্প-বিডেনৰ পৰৱৰ্তী বাকযুদ্ধ

বিভিন্ন বিষয়ক সাঙুৰি অনুষ্ঠিত হ'ব ট্ৰাম্প আৰু বিডেনৰ ৰাষ্ট্ৰপতীয় বাকযুদ্ধ ৷ ক'ভিড-19 আৰু ৰাষ্ট্ৰীয় সুৰক্ষা লগতে বহুকেইটা বিষয়বস্তু থাকিব এই বাকযুদ্ধত ৷

মহানগৰীত যাত্ৰীবাহী বাছত মহিলাৰ আকস্মিক মৃত্যু

গুৱাহাটী মহানগৰীৰ আদাবাৰী বাছ আস্থানত শুকুৰবাৰে হঠাৎ মৃত্যু হয় এগৰাকী মহিলাৰ ৷ এমাহ পূৰ্বে সন্তান জন্ম দিয়াৰ পাচত অসুস্থ হৈ পৰাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল মহিলা গৰাকীক ৷

নিৰ্বাচনক লৈ তৎপৰ প্রাক্তন মন্ত্রী গৌতম ৰয়

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কোচ-কাৱাজ আৰম্ভ কৰিছে প্রাক্তন কংগ্ৰেছ মন্ত্রী গৌতম ৰয়ে ৷ কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ লক্ষ্যৰে কাটিগৰা ৰাইজৰ সৈতে মত-বিনিময় কৰে গৌতম ৰয়ে ৷

আজি অসমীয়াৰ হেঁপাহৰ কাতি বিহু

আজি কাতি বিহু ৷ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনটোত চহা অসমীয়াই পালন কৰে কাতি বিহু ৷ কৰ’ণা মহামাৰীৰ মাজতে আজি ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ পালন কৰা হ’ব হেঁপাহৰ কাতি বিহু ৷

ডিচেম্বৰত অনুষ্ঠিত হ’ব বি টি চি নিৰ্বাচন

বিটিচি পৰিষদীয় নিৰ্বাচন অহা ডিচেম্বৰ মাহতে হ’ব বুলি একপ্ৰকাৰ থিৰাং কৰা হৈছে ৷ অসম চৰকাৰে নিৰ্বাচন প্ৰক্ৰিয়া ডিচেম্বৰ মাহত অনুষ্ঠিত কৰাৰ বাবে শুকুৰবাৰে পত্ৰ প্ৰেৰণ কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগলৈ ৷

অসম ক্ৰিকেট সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

অসম ক্ৰিকেট সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ অনুষ্ঠানত 2019-20 বৰ্ষৰ 24 গৰাকী ক্ৰিকেটাৰক আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হয় ৷

শ্বহীদ সেনাক সুঁৱৰি অসম ৰাইফলছৰ বিশেষ ভিডিঅ' মুকলি

অসম ৰাইফলছৰ দেশপ্ৰেমমূলক ভিডিঅ' মুকলি ৷ ভাৰতীয় বায়ু সেনাৰ পৰা নৌ-সেনা, স্থল সেনাৰ এই বীৰ যোদ্ধা সকলক সুঁৱৰি মুকলি কৰিছে এই বিশেষ ভিডিঅ'টি ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.