ETV Bharat / city

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Sep 30, 2020, 11:02 AM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

হাথৰস গণধৰ্ষণঃ পিতৃক ঘৰত আবদ্ধ কৰি ৰাখি নিশাই পীড়িতাৰ মৃতদেহ সৎকাৰ আৰক্ষীৰ

উত্তৰ প্ৰদেশৰ হাথৰস গণধৰ্ষণ পীড়িতাৰ মঙলবাৰে দিল্লীৰ সাফদৰগঞ্জত মৃত্যু হোৱাৰ পিছত নিশাৰ ভাগতে প্ৰশাসনে মৃতদেহৰ অন্তিম সংস্কাৰ কৰে ৷ আনহাতে, পীড়িতাৰ পিতৃয়ে অভিযোগ কৰিছে যে, দাহ কাৰ্যৰ সময়ত তেখেতক ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল আৰক্ষীয়ে ৷

ধুবুৰীত সংঘটিত বাল্যবিবাহৰ ঘটনা

ধুবুৰীত পোহৰলৈ আহিছে বাল্যবিবাহৰ ঘটনা ৷ ধুবুৰীৰ তামাৰহাটৰ এখন বিবাহস্থলীৰ পৰা উদ্ধাৰ হয় নাবালক দৰা-কইনা ৷ তামাৰহাট আৰক্ষীয়ে তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হোৱাত অভিভাৱকৰ লগতে কাজীয়ে পলায়ন কৰে ৷

ভাৰতীয় বায়ু সেনাত সংযোজন 300 এডভান্স লাইট হেলিকপ্টাৰ

ভাৰতীয় বায়ু সেনাত সংযোজন 300 এডভান্স লাইট হেলিকপ্টাৰ ৷ ৱাই. কে. শৰ্মাই এই হেলিকপ্টাৰ অৰ্পন কৰে জি ভি এছ ভাস্কৰক ৷

ক'ভিড পৰীক্ষাৰ নামত অৰুণাচলত টকা সংগ্ৰহৰ প্ৰতিবাদ চালক সন্থাৰ

অৰুণাচল প্ৰদেশত ক'ভিড পৰীক্ষাৰ নামত অসমৰ লোকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন ৷ চিলাপথাৰত অৰুণাচলৰ যান-বাহন অবৰোধ কৰি চালক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

ৰাজ্যত প্ৰলয়ংকাৰী বানৰ কবলত 13 খন জিলাৰ 3.18 লাখ লোক

ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে অসমৰ বান পৰিস্থিতিয়ে । সোমবাৰে ৰাজ্যৰ 13 খন জিলাৰ প্ৰায় 3.14 লাখ লোক বানত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে । ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বিভাগে সদৰি কৰা মতে, এই প্ৰলয়ংকাৰী বানত নগাঁও জিলাৰ ৰহা অঞ্চলৰ এজন লোকৰ মৃত্যু ঘটিছে ।

নিৰ্বাচন 2020 : ট্ৰাম্প, বিদেন তৰ্কযুদ্ধ

ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু তেওঁৰ ডেম'ক্ৰেটিক প্ৰতিদ্বন্দী জ' বিদেনে তেওঁলোকৰ প্ৰথমখন ৰাজহুৱা তৰ্কযুদ্ধত মিলিত হয় ৷ আমেৰিকাৰ স্থানীয় সময় অনুসৰি, মঙলবাৰে নিশা ক্লেভলেণ্ডত অনুষ্ঠিত এই তৰ্কযুদ্ধ ৷

ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উঠিল বুলড'জাৰ

বাৰাণসীৰ এগৰাকী জ্যোতিষীয়ে ঘৰটো "বাস্তুসন্মত" নহয় বুলি কোৱাৰ বাবেই ঘৰটো ভাঙি পুনৰ নিৰ্মাণ কৰিব খুজিছে মন্ত্ৰী হিমন্ত বি্শ্ব শৰ্মাই । কেৱল কোটি টকীয়া ঘৰটো ভাঙি পেলোৱাই নহয়, অ'তদিনে যিখিনি মাটিৰ ওপৰত ঘৰটো সগৌৰৱেৰে মুৰ দাঙি থিয় হৈ আছিল সেই মাটিও খান্দি পেলোৱা হৈছে ।

আইপিএল 2020 : বেয়াৰষ্ট', ৰছিদৰ সুন্দৰ প্ৰদৰ্শনেৰে SRH ৰ প্ৰথমটো জয়

আইপিএলত ছানৰাইজাৰ্ছ হাইদৰাবাদৰ প্ৰথমটো জয় ৷ 15 ৰাণত পৰাস্ত কৰে দিল্লী দলক ৷

চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে ৰাজ্যজুৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ

ৰাজ্যজুৰি চাহ মজদুৰ সংঘৰ প্ৰতিবাদ ৷ বিভিন্ন সমস্যা পূৰণৰ দাবীৰে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ ইয়াৰোপৰি বুধবাৰে বাগিছাৰ কাম-কাজ বন্ধ ঘোষণা কৰে চাহ মজদুৰ সংঘই ৷

অসম ভেলী স্কুলৰ ২৩ গৰাকীকৈ কৰ্মচাৰী ক’ৰণাত আক্ৰান্ত

বালিপৰাৰ হাড়চুৰাস্থিত ৰাজ্যৰ অন্যতম এখন বেচৰকাৰী অভিজাত শিক্ষানুষ্ঠান "অসম ভেলী" স্কুলত ক’ৰণাৰ গণ সংক্ৰমণ । শিক্ষানুষ্ঠান খনৰ 23 জনকৈ কৰ্মচাৰীৰ দেহত পোৱা গৈছে ক’ৰণা পজিটিভ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.