ETV Bharat / city

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 1 PM

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Sep 29, 2020, 12:54 PM IST

আজিৰে পৰা পুনৰ মাজুলীলৈ আৰম্ভ হ’ব ফেৰী সেৱা

আজিৰ পৰা নিয়মীয়া সময় সূচীৰে পুনৰ আৰম্ভ হ'ল মাজুলী-নিমাতী ফেৰী সেৱা ৷ বিগত 26 ছেপ্তেম্বৰৰ পৰা বন্ধ হৈ আছিল ফেৰী সেৱা ৷

SPBক ভাৰত ৰত্ন প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী মোডীলৈ অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ পত্ৰ

প্ৰধানমন্ত্ৰী মোডীলৈ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ পত্ৰ ৷ বিশিষ্ট সংগীতজ্ঞ এছ পি বালাসুব্ৰমনিয়ামক ভাৰত ৰত্ন প্ৰদানৰ বাবে অনুৰোধ জনাই পত্ৰ প্ৰেৰণ ৷

উত্তৰ প্ৰদেশৰ হাথৰস গণধৰ্ষণৰ পীড়িতাৰ চিকিৎসাধীন অৱস্থাত মৃত্যু

বিগত 14 ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰস গণধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ দিল্লী সফদৰগঞ্জ হাস্পতালত মৃত্যু হয় ৷ চন্দপা থানাৰ অন্তৰ্গত দলিত সম্প্ৰদায়ৰ আছিল যুৱতী গৰাকী ৷

আটক হ’ল মহম্মদ আলী হত্যাকাণ্ডৰ পাঁচ অভিযুক্ত

দলগাঁৱৰ মহম্মদ আলী হত্যাকাণ্ডৰ সৈতে জড়িত পাঁচ হত্যাকাৰীক আটক শ্যামপুৰ আৰক্ষীৰ ৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই আত্মগোপন কৰি আছিল দলটো ৷

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিৱিষ্ট অসমীয়া যুৱকৰ এঙাৰৰ ছবি

এঙাৰেৰে ছবি আঁকি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান পালে আমগুৰিৰ যুৱকে ৷ ৭.১ ফুট দীঘল আৰু ৫.৬ ফুট বহল কাগজত এঙাৰেৰে ১১ মিনিটত হৰিণাৰ ছবি আঁকি গঢ়িলে এই ৰেকৰ্ড ৷

স্বাস্থ্য মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়াৰে অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক

জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতি, ক'ভিড-19 ৰোধৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা আৰু আভ্যন্তৰীণ সুৰক্ষা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়াৰে অমিত শ্বাহৰ বৈঠক ৷

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ দেহাৱসান

অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী তথা দলগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা ছৈয়দা আনোৱাৰা টাইমূৰৰ দেহাৱসান ৷ সোমবাৰে অষ্ট্ৰেলিয়াস্থিত পুত্ৰৰ বাসগৃহত বাৰ্ঢক্যজনিত কাৰণত মৃত্যু হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷

আনুষ্ঠানিক স্বীকৃতি বিটিআৰলৈ

ইতিহাসত পৰিণত হ'ল বিটিচি ৷ বিটিচিৰ নতুন নাম হ'লগৈ বিটিআৰ ৷ বিটিচি চুক্তি কাৰ্যকৰী কৰাৰ সূত্ৰে এই নতুন নাম প্ৰযোজ্য কৰা হৈছে ৷ এবছুৰে সৈতে স্বাক্ষৰিত হৈছিল এই চুক্তি ৷

মাজুলীত পানীত পৰি এজন লোকৰ মৃত্যু

মাজুলীত পানীত পৰি এজন লোকৰ মৃত্যু ৷ পশুধন আনিবলৈ যোৱা সময়তেই পানীত পৰি মৃত্যু মাজুলীৰ জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত গোসাঁইবাৰী গাঁৱৰ প্ৰেম বৰাৰ ৷

ৰাহুলৰ দখলত অৰেঞ্জ কেপ, পাৰপল দখল মহম্মদ ছামীৰ

কিংছ ইলেভেন পাঞ্জাৱৰ অধিনায়ক কে. এল. ৰাহুলে বৰ্তমানলৈকে দখল কৰি আছে আইপিএলৰ অৰেঞ্জ কেপ ৷ আনহাতে, একে দলৰে সতীৰ্থ বলাৰ মহম্মদ ছামীয়ে দখল কৰিছে পাৰপল কেপ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.