ETV Bharat / city

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 1 PM

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Sep 26, 2020, 1:07 PM IST

অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি হ'ব অক্টোবৰ মাহত ৷ এই কথা সদৰি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱ কুমাৰে ৷

ড্ৰাগছ গোচৰ : NCB কাৰ্যালয়ত উপস্থিত দীপিকা পাডুকন

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে ড্ৰাগছৰ দিশ পোহৰলৈ অহাৰ পাচত বহু নামী-দামী তাৰকাৰ নাম সাঙুৰ খাই পৰিছে ৷ বৰ্তমান এই গোচৰৰ সৈতে সাঙুৰ খাই পৰিছে বলীউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনৰ নাম ৷

বৰপেটা সত্ৰত উদযাপন শ্ৰীমন্ত শংকৰদেৱৰ 572 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সত্ৰ নগৰী বৰপেটাত সত্ৰীয়া ৰীতি-নীতি পৰম্পৰাৰ মাজেৰে ক'ভিড প্ৰট'কল মানি পালন কৰা হয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 572 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ ৷ শনিবাৰে নাম-প্ৰসংগৰ লগতে হৰিনাম কীৰ্তনৰ ধ্বনিত ডুব যায় সত্ৰনগৰী বৰপেটাৰ চৌদিশ ৷

বাক্সাত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

বাক্সাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত চিনাদী বস্তিৰ দিৰিং নদীৰ পাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ ৷ বাক্সাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক লামহাও ডংগলৰ নেতৃত্বত চলোৱা হৈছিল অভিযান ৷

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত আয়ুৰ্বেদ বিশাৰদ খনীন্দ্ৰ নাথ বায়নৰ দেহাৱসান

বৰপেটাৰ আয়ুৰ্বেদ বিশাৰদ খনীন্দ্ৰ নাথ বায়নৰ দেহাৱসান ৷ শনিবাৰে পুৱা বৰপেটা চহৰৰ মধ্য মেটুৱাকুছিস্থিত নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে 77 বৰ্ষীয় আয়ুৰ্বেদ বিশাৰদগৰাকীৰ ৷

ভূমিস্খলনত মৃত্যু দুই মহিলা ক্ৰিকেটাৰৰ , তিনি সন্ধানহীন

ভূমিস্খলনৰ ফলত কৰুণ মৃত্যুক সাৱটিলে মেঘালয়ৰ দুই মহিলা ক্ৰিকেটাৰে ৷ বিভাগীয় সূত্ৰই জনোৱা মতে নেৰানেপেৰা বৰযুণৰ ফলত হোৱা ভূমিস্খলনে মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত থকা তেওঁলোকৰ ঘৰসমূহ শুকুৰবাৰে পুতি পেলোৱাৰ ফলত দুগৰাকীকৈ মহিলা ক্ৰিকেটাৰে কৰুণ মৃত্যুক সাৱটি লয় আৰু দুগৰাকী এতিয়াও সন্ধানহীন হৈ আছে ৷

কৰিমগঞ্জত কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শুকুৰবাৰে কৰিমগঞ্জত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ জিলাখনৰ ৰাতাবাৰী সমষ্টিত কেইবাটাও আঁচনিৰ অধাৰশিলা স্থাপন কৰাৰ লগতে দলীয় কৰ্মীৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷

মহানগৰীৰ ৰাণীত দুই বন্যহস্তীৰ কৰুণ মৃত্যু

মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ বাকাৰাপাৰাত বিদ্যুৎস্পৃষ্ট হৈ দুই বন্যহস্তীৰ কৰুণ মৃত্যু । খাদ্যৰ সন্ধানত ওলাই আহি মৃত্যুক সাৱতিলে দুই হস্তীয়ে ৷

আইপিএল 2020 : চেন্নাইৰ বিৰুদ্ধে 44 ৰাণত জয়ী দিল্লী

চেন্নাইৰ বিৰুদ্ধে 44 ৰাণত জয়ী দিল্লী ৷ এয়া আইপিএল 2020 ত দিল্লী দলৰ একেৰাহে দ্বিতীয়টো জয় ৷

ইউক্ৰেইনত সামৰিক বাহিনীৰ বিমান দুৰ্ঘটনাত নিহত 25

ইউক্ৰেইনত সামৰিক বাহিনীৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 25 গৰাকীয়ে ৷ বিমানখনত 28 জন লোক আছিল আৰু ইয়াৰে 21 জন সেনা জোৱান হোৱাৰ বিপৰীতে 7 জন বিমানৰ সদস্য আছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.