হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল : প্ৰথম দহটা স্থানত উজলিল 42 গৰাকী
ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ প্ৰথম দহটা স্থানত উজলিল 42 গৰাকী ছাত্ৰ ছাত্ৰী ৷
প্ৰথম স্থান দখলেৰে দৰঙলৈ গৌৰৱ কঢ়িয়ালে ধৃতিমান বাস্তৱ কলিতাই
প্ৰথম স্থান দখলেৰে দৰঙলৈ গৌৰৱ কঢ়িয়ালে ধৃতিমান বাস্তৱ কলিতাই ৷ তেওঁ লাভ কৰিলে মুঠ ৫৯৫ নম্বৰ ৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান দখল ডিব্ৰুগড়ৰ অলংকৃতাৰ
ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক স্কুলৰ ছাত্ৰী অলংকৃতা গৌতম বৰুৱাই ৷ অলংকৃতাই 600 নম্বৰৰ ভিতৰত সৰ্বমুঠ 594 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷
তৃতীয় স্থানত জিলিকিল লখিমপুৰৰ নাৰায়নপুৰৰ দেবিস্মা প্ৰিয়া বৰা
লখিমপুৰ জিলাৰ মুঠ 5 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে স্থান ৷ সৰ্বমুঠ 591 নম্বৰেৰে তৃতীয় স্থান লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰী দেবিস্মা প্ৰিয়া বৰাই ৷
চতুৰ্থ স্থানত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মা
আজি ঘোষণা কৰা হ'ল ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । কামৰূপ মহানগৰ জিলাৰ দাতালপাৰাৰ দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত যুটীয়াভাৱে লাভ কৰিলে চতুৰ্থ স্থান ।
পঞ্চম স্থানত জিলিকিল টিংখাঙৰ মানসুত্তম নেওগ
হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থান দখলেৰে টিংখাঙলৈ গৌৰৱ কঢ়িয়াই আনিছে মানসুত্তম নেওগে । টিংখাঙৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ মানসুত্তম নেওগ ।
ষষ্ঠ স্থানেৰে উজলিল লখিমপুৰৰ ৰনোজ জ্যোতি বৰুৱা
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লখিমপুৰ জিলাৰ নাৰায়নপুৰৰ জ্ঞানজ্যোতি একাডেমিৰ ছাত্ৰ ৰনোজ জ্যোতি বৰুৱাই ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ ছাত্ৰজনৰ এই সাফল্যই শিক্ষাগুৰু তথা পিতৃ-মাতৃৰ লগতে সমগ্ৰ নাৰায়নপুৰ বাসীক গৌৰাৱাম্বিত কৰিছে ৷
ভৱিষ্যতে চিকিৎসক হোৱাৰ মন সপ্তম স্থান দখল কৰা ঝলক ঝলনৰ
সপ্তম স্থান দখল কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁৱৰ চেইন্ট এণ্টনী ইংলিছ স্কুলৰ ছাত্ৰী ঝলক ঝলনে ৷ মুঠ 587 নম্বৰ লাভ কৰিছে ছাত্ৰী গৰাকীয়ে ৷
হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা: শীৰ্ষ স্থানত বৰপেটাৰ ইয়ামিন আলী
হাই মাদ্ৰাছাৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম বৰপেটা জিলাৰ ধাকুৱা হাই মাদ্ৰাছাৰ ইয়ামিন আলী। ইয়ামিন আলীয়ে লাভ কৰে সৰ্বমুঠ ৫৫৮ নম্বৰ ।