ETV Bharat / city

নালাপাৰাৰ গুলীচালনাত জড়িত তিনি অপৰাধীক গ্ৰেপ্তাৰ

author img

By

Published : Oct 25, 2019, 7:20 PM IST

নালাপাৰাৰ গুলীচালনাৰ সৈতে জড়িত তিনি অপৰাধীক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে ৷ এই কথা জানিবলৈ দিয়ে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ

গুৱাহাটী, 25 অক্টোবৰ : যোৱা 20 অক্টোবৰত মহানগৰীৰ নালাপাৰাত হোৱা গুলীচালনাৰ সৈতে জড়িত তিনি অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে । এই সন্দৰ্ভত গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰে শুকুৰবাৰে মন্তব্য কৰে যে, নালাপাৰাৰ গুলীচালনাৰ ঘটনাত জড়িত তিনি অপৰাধীক মহানগৰ অপৰাধ অনুসন্ধানকাৰী দলে কামৰূপ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । অপৰাধী সমীৰ আলী,জামিল আলী আৰু চফিকুল আলীৰ পৰা আৰক্ষীয়ে এটা এয়াৰ পিষ্টল, চাৰিশ গ্ৰাম নকল সোন জব্দ কৰিছে । আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, এই অপৰাধী কেইজন কেৱল নালাপাৰাই নহয়,মহানগৰীত সংঘটিত হৈ থকা বিভিন্ন অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত। এই ঘটনাৰে জড়িত আৰু বাকীকেইজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

দীপক কুমাৰ

ইফালে কুমাৰপাৰাৰ শ্যাম সুন্দৰ শৰ্মাৰ হত্যাকাণ্ডৰ লগত গ্ৰেপ্তাৰ হোৱা অপৰাধী কেইজন জড়িত নাই বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্তগৰাকীয়ে । উল্লেখযোগ্য যে,জেৰুল ইছলাম নামৰ লোকজনৰ লোহা লংগৰৰ দোকানত দুজন যুৱকে প্ৰৱেশ কৰি ধন দাবী কৰিছিল। কিন্তু দাবী কৰা ধন দিবলৈ অমান্তি হোৱাত জেৰুলক ভৰিত গুলীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল অপৰাধীৰ দলটোৱে।

আনহাতে,আন এক প্ৰসংগত আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে,মহানগৰীত চাইবাৰ অপৰাধীয়ে অনলাইনৰ জৰিয়তে গ্ৰাহকৰ একাউন্ট হেক কৰি ধন লুটি নিয়া ঘটনা পোহৰলৈ আহিছে। এই সন্দৰ্ভত ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত পানবজাৰ আৰু দিছপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। দীপক কুমাৰে ৰাজ্যবাসীক আহ্বান জনাই যে,কোনো গ্ৰাহকে বেংকৰ বাহিৰে অন্য লোকৰ সৈতে বেংকৰ নথি-পত্ৰৰ সৱিশেষ শ্বেয়াৰ নকৰে । উল্লেখ্য যে,বৰ্তমান মহানগৰীত ক্ৰাইম ব্ৰাঞ্চৰ নিজাববীয়া আৰক্ষী থানা স্থাপন কৰা হৈছে ৷

Intro:নালাপৰা গুলীচালনা ঘটনাৰ লগত জড়িত তিনি অপৰাধী গ্ৰেপ্তাৰ : আৰক্ষী আয়ুক্ত

Body:যোৱা ২০ অক্টোবৰত মহানগৰীৰ নালাপৰাত হোৱা গুলীচালনা জড়িত তিনি অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে। এই সন্দৰ্ভত গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰে শুকুৰবাৰে কয় যে নালাপৰা গুলিছালনা ঘটনাৰে জড়িত তিনি অপৰাধীক মহানগৰ অপৰাধ অনুসন্ধাৰ এটা দলে কামৰূপ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অপৰাধী সমীৰ আলী, জামিল আলী আৰু চফীকুল আলীৰ পৰা আৰক্ষীয়ে এটা এয়াৰ পিষ্টল, চাৰিশ গ্ৰাম নকল সোন জব্দ কৰে। আৰক্ষী আয়ুক্ত গৰাকীয়ে কয় যে এই অপৰাধী কেইজন কেৱল নালাপাৰাই নহয়, মহানগৰীত ঘটি থকা বিভিন্ন অপৰাধমূলক কাৰ্যৰে জড়িত। এই ঘটনাৰে জড়িত আৰু বাকী কেইজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ইফালে কুমাৰপাৰাৰ শ্যাম সুন্দৰ শৰ্মাৰ হত্যা কাণ্ডৰ লগত এই দলটো জড়িত নাই বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্ত গৰাকীয়ে।

উল্লেখযোগ্য যে জেৰুল ইছলাম নামৰ লোহা লক্কৰৰ (দেম্প) দোকানত দুজন যুৱকে প্ৰৱেশ কৰি ধন দাবী কৰে। দাবী কৰা ধন দিবলৈ অমান্তি হোৱাত জেৰুলক ভৰিত গুলীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।

আনহাতে আন এক প্ৰসংগত আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে মহানগৰীত চাইবাৰ অপৰাধীয়ে অনলাইনৰ জৰিয়তে গ্ৰাহকৰ একাউন্ট হেক কৰি ধন লুটি নিয়া ঘটনা পোহৰলৈ আহিছে। এই সন্দৰ্ভত পানবজাৰ আৰু দিছপুৰ আৰক্ষী থানাত ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে। দীপক কুমাৰে ৰাজ্যবাসীক আহ্বান জনায় কয় যে কোনো গ্ৰাহকে যাতে বেংকৰ বাহিৰে আন কোনো লোকক বেংকৰ নথি পত্ৰৰ কথা কাৰো আগত শ্বেয়াৰ নকৰে।

Bite আৰক্ষী আয়ুক্ত

Conclusion:Asrsr Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.