ETV Bharat / city

Firing at Chatribari : ছাত্ৰীবাৰী গুলিচালনাৰ ঘটনাৰ সন্দৰ্ভত তিনিজনক আটক - Firing at ChatribarI

সোমবাৰে গুৱাহাটী মহানগৰীৰ ছাত্ৰীবাৰীত সংঘটিত হোৱা গুলীচালনা (Firing at Chatribari) ৰ লগত জড়িত তিনিজনলোকক আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰিছে (Three arrested at Chatribari firing incident) । আটকাধীন লোক তিনিজন ক্ৰমে, ইছলাম আলি, আবাছ আলি আৰু আকাশ আলি বুলি জানিব পৰা গৈছে ৷

Three arrested at Chatribari area firing incident
ছাত্ৰীবাৰী গুলিচালনাৰ ঘটনাৰ সন্দৰ্ভত তিনিজনক আটক
author img

By

Published : Feb 22, 2022, 9:22 PM IST

গুৱাহাটী, 22 ফেব্ৰুৱাৰী : ক্ৰমাৎ নিৰাপত্তাহীনতাত গুৱাহাটী চহৰ ৷ সোমবাৰে নিশা গুৱাহাটী মহানগৰীৰ ছাত্ৰীবাৰীত সংঘটিত হয় এক ভয়ংকৰ গুলীচালনা (Firing at Chatribari) ৷ প্ৰায় 8.30 বজাত সংঘটিত হয় এই গুলিচালনা ঘটনা । বাইকত অহা দুই দুৰ্বৃত্তই গুলিয়াই হত্যা কৰে এগৰাকী ব্যক্তিক (Bike rider shot a man at Chatribari Guwahati) ।

ছাত্ৰীবাৰী গুলিচালনাৰ ঘটনাৰ সন্দৰ্ভত তিনিজনক আটক

মৃত ব্যক্তিগৰাকীৰ নাম অৱদেশ যাদৱ বুলি জানিব পৰা গৈছে ৷ বিহাৰৰ সমষ্টিপুৰ জিলা চিমৰা গাঁৱৰ ডব্লিউ যাদৱ নামৰ এগাৰাকী গাঁওবুঢ়াই চুপাৰি কিলাৰ লগাই অৱদেশ যাদৱক হত্যা কৰে বুলি নিহত যাদৱৰ পৰিয়ালৰ অভিযোগ উত্থাপন কৰে ৷ ইতিমধ্যে সোমবাৰে নিশা দুৰ্বৃত্ত দলটোৱে এৰি থৈ যোৱা মটৰ চাইকেল এখনৰ ভিত্তিত দৰং জিলা ছিপাঝাৰৰ পৰা আৰক্ষীয়ে তিনিজনক সোধপোচৰ বাবে আটক কৰিছে (Three arrested at Chatribari firing incident) । আটকাধীন লোক তিনিজন ক্ৰমে, ইছলাম আলি, আবাছ আলি আৰু আকাশ আলি বুলি জানিব পৰা গৈছে ৷

এক সূত্ৰ খবৰ মতে, সোমবাৰে দোকান বন্ধ কৰি নিশা ঘৰত প্ৰৱেশ কৰাৰ আগমূহহূৰ্তত ফোন কৰি অৱদেশ যাদৱক মাতি আনি কোনো অচিনাক্ত ঘাটকে গুলিচালনা কৰি হত্যা কৰে ৷ আনহাতে, মাটি-বাৰীৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে (Guwahati businessman shot dead by unidentified men) ৷

ইফালে পৰিয়ালে অৱগত কৰা মতে পূৰ্বতে অৱদেশ যাদৱৰ দুই ভাতৃকো হত্যা কৰা হৈছিল । এই দুই নিহত ভাতৃ ক্ৰমে ৰাম প্ৰবেজ আৰু নেৰেশ যাদৱ বুলি জানিব পৰা গৈছে ৷ তাৰে এজনক হানি খুচি হত্যা কৰিছিল । অন্যজনক অজ্ঞাত স্থানত হত্যা কৰিছিল । তাৰ পাছতেই যাদৱৰ পৰিয়ালে অভিযুক্ত ডব্লিউ যাদৱৰ বিৰুদ্ধে বিহাৰৰ বিথান থানাত এজাহৰ দাখিল কৰিছিল ৷

গুৰুত্বপূৰ্ণ কথা এই যে ,পুলিচ ৰিজাৰ্ভৰ প্ৰায় সমীপতে সংঘটিত হৈছে এই ঘটনাটো । অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো কিদৰে দুৰ্বৃত্তৰ দলে সংঘটিত কৰিব পাৰিলে এই গুলিচালনা ঘটনা সেইয়া ডাঙৰ ৰহস্য। কি কাৰণত কোনে এই ঘটনা সংঘটিত কৰিলে সেই কথা বৰ্তমানো পোহৰলৈ অহা নাই । সেয়া আৰক্ষীৰ তদন্ততহে প্ৰকৃত কাৰণ স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক : কাগজ কলৰ নামত আৱণ্টিত ৪,১৪১ কোটি টকাৰ হিচাপ দিয়ক : প্ৰদেশ কংগ্ৰেছ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.