গুৱাহাটী, 14 জুলাই : কৰ'ণা আক্ৰান্ত ৰোগীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰিকাণ্ড সংঘটিত কৰিলে চোৰে ৷ মহানগৰীৰ গোশালা চাটেলগেটত সংঘটিত হৈছে এই চুৰিকাণ্ড । ৰে'লৱে কৰ্মচাৰী দীপক দাসৰ 114(A) নম্বৰ কোৱাৰ্টাৰত চোৰে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি লৈ যায় বহু সামগ্ৰী ৷ উল্লেখ্য যে, 4 জনীয়া পৰিয়ালৰ আটাইকেইজনে ক'ভিড পজিটিভ হোৱাৰ বাবে চিকিৎসাধীন হৈ আছিল ৷ সেয়েহে 4 জুলাইৰ পৰা ঘৰটোত নাছিল কোনো লোক ৷
যোৱা নিশা হাস্পতালৰ পৰা দীপক দাস আৰু তেওঁৰ পুত্ৰ আৰোগ্য হৈ উভতি অহাৰ পাচতে ঘৰত প্ৰৱেশ কৰি হতভম্ভ হৈ পৰে ৷ চোৰে সোণৰ আ-অলংকাৰ, নগদ ধন,লেপটপ,কেমেৰা আদি বহুটো মূল্যৱান সামগ্ৰী লৈ যায় । সম্প্ৰতি গোশালা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক : বানত ডুবা কাজিৰঙাত বন্যপ্ৰাণীৰ বিলৈ