ETV Bharat / city

গুৱাহাটীৰ মাজমজিয়াত ঘৰৰ গ্ৰীল ভাঙি চোৰৰ তাণ্ডৱ - নাৰেংগী চুৰি কাণ্ড

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ঘৰৰ গ্ৰীল ভাঙি চোৰৰ তাণ্ডৱ ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ তাণ্ডৱ ৷ কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ ভিতৰত চোৰৰ প্ৰৱেশ ৷ গৃহস্থ আহি উপস্থিত হোৱাৰ লগে লগে চোৰৰ পলায়ন ৷ স্নিফাৰ ডগেৰে তদন্ত চলোৱাৰ পাছতো চোৰক কৰায়ত্ব কৰাত বিফল আৰক্ষী আৰু চিআইডি ৷

theft at housing colony in narengi
গুৱাহাটীৰ মাজমজিয়াত ঘৰৰ গ্ৰীল ভাঙি চোৰৰ তাণ্ডৱ
author img

By

Published : Jan 11, 2021, 3:38 PM IST

Updated : Jan 11, 2021, 3:53 PM IST

গুৱাহাটী, 11 জানুৱাৰী: গুৱাহাটী নগৰীৰ মাজমজীয়াত দেওবাৰে ফুট গধূলিতে সংঘটিত এক চুৰি কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দেওবাৰে নাৰেংগীৰ হাউচিং কলনীৰ নিৱাসী তথা গুৱাহাটী কমাৰ্চ কলেজৰ উপাধ্যক্ষ ড৹ পূৰ্ণ ভট্টাচাৰ্যৰ ঘৰত এই চুৰি কাণ্ড সংঘটিত কৰি চোৰে গডৰেজ আৰু ড্ৰয়াৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে নগদ ধনকে ধৰি বহু মূল্যৱান সামগ্ৰী লৈ উধাও হয় ৷

গৃহস্থ আহি উপস্থিত হোৱাৰ লগে লগে চোৰৰ পলায়ন

ঘটনাৰ বিৱৰণী অনুসৰি ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে ড৹ ভট্টাচাৰ্যৰ ঘৰৰ পাছফালৰ গ্ৰীল ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু ঘৰৰ গৰাকী উপস্থিত হোৱাৰ লগে লগে চোৰে পলায়ন কৰে ৷ ঘটনাস্থলীত আৰক্ষী আৰু চিআইডি ৰ দল উপস্থিত হৈ স্নিফাৰ ডগেৰে অভিযান আৰম্ভ কৰে যদিও বৰ্তমানলৈকে চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰৱক্তা ভট্টাচাৰ্য দেওবাৰে পৰিয়ালসহ নলবাৰীলৈ যোৱাৰ সুযোগতে চোৰে সকলো লণ্ড ভণ্ড কৰে ৷ উল্লেখ্য যে বিগত কিছুদিন ধৰি নাৰেংগীৰ বহুকেইটা অঞ্চলত একাধিক চুৰি কাণ্ড সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও চোৰক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আৰক্ষী বিফল হৈছে ৷

লগতে পঢ়ক:এছ আই কেলেংকাৰী সন্দৰ্ভত মুখ্য সচিবক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

Last Updated : Jan 11, 2021, 3:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.