ETV Bharat / city

Ugratara Devalaya : দুপালি ভেকচিন লোৱা যাত্ৰীকহে উগ্ৰতাৰা দেৱালয়ত প্ৰৱেশৰ অনুমতি

author img

By

Published : Jan 17, 2022, 10:12 PM IST

মহানগৰৰীৰ উগ্ৰতাৰা দেৱালয়ত দেওবাৰৰ পৰা দুপালি ভেকচিন লোৱা প্ৰমাণপত্ৰ দেখুওৱা তীৰ্থযাত্ৰী সকলকহে ভিতৰত প্ৰৱেশৰ অনুমতি দিছে দেৱালয় কৰ্তৃপক্ষই (Ugratara Devalaya is open only for fully vaccinated people)। ক’ভি়ড-19ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি দেৱালয়সমূহৰ পৰিচালনা সমিতিসমূহ যথেষ্ট কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৷

Ugratara Devalaya
দুপালি ভেকচিন লোৱা যাত্ৰীকহে উগ্ৰতাৰা দেৱালয়ত প্ৰৱেশৰ অনুমতি

গুৱাহাটী, ১৭ জানুৱাৰী: ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ১৫ জানুৱাৰীৰ পৰা টীকাকৰণৰ প্ৰমা -পত্ৰ নথকা লোকক ৰাজহুৱা স্থানত প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ পৰা বান্ধি দিয়া ক’ভিড-১৯ ৰ নিয়মাৱলীৰ প্ৰতি লক্ষ্য ৰাখি উগ্ৰতাৰা দেৱালয়ত দেওবাৰৰ পৰা দুপালি ভেকচিন লোৱা প্ৰমাণপত্ৰ দেখুওৱা তীৰ্থযাত্ৰী সকলকহে ভিতৰত প্ৰৱেশৰ অনুমতি দিছে দেৱালয় কৰ্তৃপক্ষই (New rules for entering Ugratara Devalaya ) ।

দেৱালয়ৰ বৰ দেউৰী কৈলাশ শৰ্মাই এই সম্পৰ্কত কয় যে, চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম মানি কালিৰে পৰা দুপালি ভেকচিন লোৱা দৰ্শনাৰ্থীকহে ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে (Ugratara Devalaya is open only for fully vaccinated people) । প্ৰৱেশদ্বাৰতে তেওঁলোকৰ নাম পঞ্জীয়ন কৰাৰ লগতে দুপালি ভেকচিন লোৱাৰ প্ৰমাণ প্ৰত্ৰ পৰীক্ষা কৰা হৈছে । এপালি ভেকচিন লোৱা সকলোকক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই ।

সদৌ অসম দেৱালয় সংঘৰ অন্তৰ্গত অসমৰ ঐতিহ্যমণ্ডিত দেৱালয়সমূহলৈ মাঘ মাহত বহু তীৰ্থযাত্ৰীৰ আগমন হয় । সেয়েহে দুপালি ভেকচিন লোৱা দৰ্শনাৰ্থীকহে দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে এইক্ষেত্ৰত দেৱালয়সমূহৰ পৰিচালনা সমিতিক তীক্ষ্ন নজৰ ৰাখিবলৈ আহ্বান জনোৱা হৈছে ৷ ইয়াৰ দ্বাৰা ভয়াবহ কভিড-১৯ ৰ পৰা সকলোৱে পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত অসম চৰকাৰ তথা স্বাস্থ্য বিভাগক কিছু হ’লেও সহযোগ আগবঢ়াব পৰা যাব বুলি দেৱালয় পৰিচালনা সমিতিসমূহে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: Assam State Zoo : দুপালি ভেকচিন ল’লেহে প্ৰৱেশ কৰিব পাৰিব চিৰিয়াখানাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.