ETV Bharat / city

আগন্তুক কৃষি ঋতুত ভয়াৱহ খৰাং পৰিস্থিতিৰ আশংকা, মৌনব্ৰতত কৃষি বিভাগ

author img

By

Published : May 4, 2022, 9:40 PM IST

বাৰিষা আৰম্ভ নৌহওঁতেই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা বতৰৰ লক্ষ্যনীয় পৰিৱৰ্তনে ইয়াৰ কৃষক সমাজক সংকটৰ মাজলৈ ঠেলি দিছে(Impact of Climate Change on Agriculture) । আগতীয়া নেৰানেপেৰা বৰষুণে ৰাজ্যৰ কেইবাখনো জিলাৰ পথাৰত সৃষ্টি কৰা আবতৰীয়া বানৰ পিছৰ পৰ্যায়ত কৃষিকৰ্মৰ মূল সময়ত খৰাং পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা কৰা হৈছে(Climate Impacts in the Northeast) ।

the-abrupt-change-in-climate-threats-farmers-of-north-east
আগন্তুক কৃষি ঋতুত ভয়াৱহ খৰাং পৰিস্থিতিৰ আশংকা

গুৱাহাটী, ৪ এপ্ৰিল : বতৰৰ লক্ষ্যনীয় পৰিৱৰ্তনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ কৃষক সমাজক ভয়াৱহ ভৱিষ্যতৰ পিনে ঠেলি দিছে(Climate Impacts in the Northeast) । বিগত কেইটামান বছৰত ক্ৰমান্বয়ে সলনি হৈ অহা বতৰৰ অভাৱনীয় পৰিৱৰ্তনে কৃষক সমাজক পলে পলে বিপদত পেলাই আহিছে । ই শস্যৰ উৎপাদনতো নেতিবাচক প্ৰভাৱ পেলোৱাৰ ফলত কৃষকৰ মাজত হতাশা বৃদ্ধি পাইছে ।

মনকৰিবলগীয়া যে, এইবাৰ কিছু দেৰিকৈ অহা প্ৰচণ্ড শীতে শীতকালীন কৃষি উৎপাদনৰ শস্য সংগ্ৰহ প্ৰক্ৰিয়াক ব্যাহত কৰিছিল(Impact of Climate Change on Agriculture) । কিছু পৰিমাণে সৰিয়হৰ উৎপাদন এই পৰিবেশে হ্ৰাস কৰিছিল । ক্ষতিগ্ৰস্ত হৈছিল আলুৰ উৎপাদনো । ৰাজ্যৰ কৃষি বিভাগৰ এক সূত্ৰৰ মতে আলুৰ বীজৰ লেহেমীয়া বিতৰণ আৰু বতৰৰ নেতিবাচক প্ৰভাৱে যোৱা কৃষি চক্ৰত কৃষকক মাধমাৰ শোধাইছিল । কিন্তু ক্ষতিশংকা দেখিও নীৰৱে আছিল কৃষি বিভাগৰ বৰমূৰীয়াসকল ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা তথ্য অনুসৰি, মাৰ্চ মাহৰ পৰা এপ্ৰিলৰ প্ৰায় পঁচিশটা দিন নেৰানেপেৰাকৈ চলি থকা বৰষুণে মধ্য আৰু নামনি অসমৰ বিস্তৃৰ্ণ অঞ্চলৰ খেতি পথাৰ প্লাৱিত কৰি তোলে । ফলত আগতীয়াকৈ কঠিয়া পৰাৰ প্ৰক্ৰিয়া ব্যাহত হয় । বতৰৰ বিজ্ঞান কেন্দ্ৰ তথ্য মতে, এই বৰষুণ চলিত মে’ মাহতো গঢ় হিচাপকৈ বেছি থাকিব । গাণিত্যিক হিচাপে >১০৯% এল পি এ । কেৱল সেয়ে নহয়, শেহতীয়া দুটা মাহত কেইবাখনো জিলাত বৰষুণৰ পৰিমাণ আছিল যোৱা পাঁচটা বছৰৰ গঢ় বৰষুণৰ দুগুণ ।

বতৰৰ বিজ্ঞান কেন্দ্ৰৰ উপৰি একাংশ কৃষকৰো আশংকা যে, কৃষি ঋতুটোৰ আগভাগতেই হোৱা এই বৰষুণৰ পৰিমাণে ৰাজ্যৰ শালিধানৰ খেতিত নেতিবাচক প্ৰভাৱ পেলাব । আশংকা মতে, এইবাৰ কঠিয়া ৰোৱাৰ সময়ত বতৰ খৰাং হ'ব । ৰাজ্যৰ কৃত্ৰিম জলসিঞ্চনৰ ব্যৱস্থা যিহেতু তথৈবচ, সেয়ে প্ৰায় প্ৰতিখন জিলাৰ কৃষকেই সাম্ভাৱ্য খৰাং পৰিস্থিতিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাতো নিশ্চিত ।

মনকৰিবলগীয়া যে, বতৰৰ আলেখলেখ চাই কৃষকে যি সময়ত আগন্তুক কৃষি ঋতুটোত খৰাং পৰিস্থিতিৰ আশংকা কৰিছে, তেনে সময়তো কাৰ্যতঃ নীৰৱে আছে কৃষি বিভাগ । এই ক্ষেত্ৰত কৃষি বিভাগৰ দ্বাৰা আৰ্লি ৱাৰ্নি ব্যৱস্থাই কৃষকক পথ নিৰ্দেশনা দিব লাগিছিল । কিন্তু তেনে কোনো উদ্যোগ বিভাগটোৱে আজি পৰ্যন্ত লৈ পোৱা নাই । এনে পৰিস্থিতিত চৰকাৰীভাৱে কঠিয়া যোগান ধৰা হ'ব নে নাই তাক লৈয়ো কোনো পৰিকল্পনা পৰিলক্ষিত হোৱা নাই ।

ৰাজ্যৰ প্ৰধান কৃষি হ'ল ধান‌ খেতি । সামগ্ৰিকভাৱে এই খেতি কৃষি অৰ্থনীতিৰ মেৰুদণ্ড । কিন্তু শেহতীয়া বৰ্ষসমূহত বতৰৰ লগত খাপ খাই আৰু কীট পতংগৰ আক্ৰমণৰ বিপৰীতে বিশেষ ব্যৱস্থা ল'ব নোৱাৰাৰ বাবেই ধান খেতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ আহিছে । কিন্তু এই পৰিস্থিতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত চৰকাৰৰ ৰহস্যজনক উদাসীনতাই কৃষক সমাজক অধিক হতাশ কৰিছে বুলি চৰ্চিত হৈছে ।

লগতে পঢ়ক : Tense Situation in Barpeta: বৰপেটাত খিলঞ্জীয়া মুছলমান আৰু বংগীয় মুছলমানৰ মাজত সংঘৰ্ষ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.