ETV Bharat / city

কলাক্ষেত্ৰত কেন্দ্ৰীয় ভাৱে আয়োজন ‘শিক্ষক দিৱস’

শনিবাৰে শিক্ষক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ‘‘ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মাজতে অসমৰ আত্মা লুকাই আছে ৷ নতুন শিক্ষানীতিয়ে বৃটিছৰ পাশ্চাত্য শিক্ষা ব্যৱস্থাক উফৰাই পেলাবলৈ সক্ষম হৈছে ৷ নতুন শিক্ষা নীতি অনুসৰি ছাত্ৰ-ছাত্ৰী সকলে বিজ্ঞান, গণিতক বাদ দি সকলো বিষয় মাতৃভাষাতে পঢ়িব পাৰিব ।’’

Teacher's day celebrated centrally in Kalakhetra
কলাক্ষেত্ৰত কেন্দ্ৰীয় ভাৱে আয়োজন ‘শিক্ষক দিৱস’
author img

By

Published : Sep 5, 2020, 7:12 PM IST

গুৱাহাটী, 5 ছেপ্তেম্বৰ : ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মাজতে অসমৰ আত্মা লুকাই আছে ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিক অসমত স্থাপন কৰিব পাৰিলে অসমৰ শিক্ষা ব্যৱস্থাই নতুন দিশ পাব ৷ অসমত শনিবাৰৰ পৰা প্ৰৱৰ্তন হ'ব নতুন শিক্ষানীতি । বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় সমূহ স্বতন্ত্ৰ হ’ব লাগে । চৰকাৰী তন্ত্ৰৰ পৰা আঁতৰত ৰখা হৈছে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক ৷ এই মন্তব্য শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

শনিবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় ভাবে আয়োজন কৰা শিক্ষক দিৱসত উপস্থিত থাকি এই মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যৰ শিক্ষা বিভাগৰ উদ্যোগত আয়োজন কৰা শিক্ষক দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক শিক্ষা মন্ত্ৰী ভবেশ কলিতা, সাংসদ চন্দন ব্ৰহ্মৰ লগতে বিভাগৰ ভালে কেইজন উচ্চপদস্থ বিষয়াৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় শতাধিক শিক্ষক ৷

সদ্য স্বাক্ষৰিত বড়ো চুক্তি অনুসৰি অসমৰ শিক্ষা বিভাগত নৱতম সংযোজন বড়ো মাধ্যম আৰু অন্যান্য জনজাতীয় ভাষা সঞ্চালকালয়ৰ শুভাৰম্ভণি কৰা অনুষ্ঠানটোত উন্মোচন কৰা হয় ‘‘শিক্ষাজ্যোতি’’ আৰু ‘‘কামৰূপায়ণ’’ নামৰ দুখন স্মৰণিকা ৷

শিক্ষা বৃত্তিত দেখুওৱা কৰ্তব্য নিষ্ঠা আৰু আন্তৰিকতাৰ বাবে শনিবাৰৰ ৰাজ্য চৰকাৰৰ শিক্ষক দিৱস অনুষ্ঠানটোত গীৰিন্দ্ৰ কুমাৰ গগৈ, গীতা দেৱী গগৈ, কামদেৱ দাস, জেউতি দত্ত, উৎপল শৰ্মা আৰু ৰূপৰেখা দেৱীৰ লগতে মুঠ 36 গৰাকী শিক্ষকক ৰাজ্যিক পৰ্যায়ৰ সন্মান প্ৰদান কৰা হয় ৷ আনহাতে ফলাফলৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা 10 খন বিদ্যালয়ক জনোৱা হয় সম্বৰ্ধনা ৷ শনিবাৰৰ অনুষ্ঠানটোত মাধ্যমিক অনুপ্ৰেৰণাদায়ক বঁটা প্ৰদান কৰা হয় পবিত্ৰ প্ৰাণ ভট্টাচাৰ্যক ৷

শনিবাৰৰ শিক্ষক দিৱসৰ অনুষ্ঠানটোত অংশলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ‘‘নতুন শিক্ষানীতিয়ে বৃটিছৰ পাশ্চাত্য শিক্ষা ব্যৱস্থাক উফৰাই পেলাবলৈ সক্ষম হৈছে ৷ শিক্ষকসকলে গুৰু শিষ্যৰ মাজৰ সম্পৰ্কৰ আদৰ্শক জীয়াই ৰাখিব লাগিব । নতুন শিক্ষা নীতি অনুসৰি ছাত্ৰ-ছাত্ৰী সকলে বিজ্ঞান, গণিতক বাদ দি সকলো বিষয় মাতৃভাষাতে পঢ়িব পাৰিব ।’’

লগতে নতুন শিক্ষা নীতি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, নতুন শিক্ষা নীতিয়ে অসমীয়া ভাষাক জীয়াই ৰাখিব ৷ বড়ো ভাষাৰ নতুন সঞ্চালাকলয়ৰ ক্ষেত্ৰতো শিক্ষামন্ত্ৰী গৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি কয় যে, দশম শ্ৰেণীলৈকে সম্পূৰ্ণ স্বতন্ত্ৰ হ’ব বড়ো ভাষা সঞ্চালকালয় ৷

উল্লেখ্য যে, লক্ ডাউনত ক্ষতিৰ সন্মুখীন হোৱা ছাত্ৰ-ছাত্ৰী সকলক এতিয়াৰ পৰা দিনে নিশাই পৰিশ্ৰম কৰি ছাত্ৰ-ছাত্ৰীক প্ৰতিটো ক্ষণ শিক্ষক সকলে ঘূৰাই দিব লাগিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Teacher's day celebrated centrally in Kalakhetra
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আনহাতে অনুষ্ঠানটোত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, “লক্ ডাউনৰ সময়ত ডিভাইচত বহি বহি আমনি পাইছে ছাত্ৰ-ছাত্ৰীয়ে ৷ এতিয়া চেকনিৰ আগত বিদ্য নহয় ৷ ভয় আৰু ভক্তিৰে আমি কাম কৰিব লাগিব ৷ গুণোৎসৱে শিক্ষাব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷ শিক্ষক-শিক্ষয়ত্ৰী সকলে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ় দিব লাগিব ৷ মাতৃ-পিতৃৰ ভূমিকাও শিক্ষক-শিক্ষয়ত্ৰী সকলেই এতিয়াৰে পৰা পালন কৰিব লাগিব ৷”

লগতে চাওক-অৰুণাচল প্ৰদেশৰ মেক মোহন লাইনৰ সমীপত চীনা সৈন্যৰ পথ নিৰ্মাণ : বিধায়ক নিনং এৰিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.