গুৱাহাটি, ৭ জুন: সুদীৰ্ঘ ১০ বছৰৰ পিছত মেট্ৰিকৰ ফলাফলত স্থান দখল কৰি মহানগৰীৰ চৰকাৰী বিদ্যালয় টি চি স্কুললৈ গৌৱৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নিশা শৰ্মাই (TC school student in top list of HSLC results) । তেওঁ সৰ্বমুঠ নম্বৰ ৬০০ নম্বৰ ভিতৰত ৫৯১ লাভ কৰি সপ্তম স্থান দখল কৰাৰ (Nisha Sarma secure 7th rank in HSLC exam 2022) পিছতে বিদ্যালয়খনত এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হয় ৷
দৈনিক ১৩-১৪ ঘন্টাকৈ অধ্যয়ন কৰিছিল ছাত্ৰী গৰাকীয়ে । ছাত্ৰীগৰাকীয়ে কয়, "আজিৰ এই ফলাফল লাভ কৰি খুব ভাল লাগিছে । মা-দেউতাক বা ভন্টিৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ছাত্ৰীগৰাকীয়ে । লগতে ক'ভিড পৰিস্থিতিৰ বাবে পঢ়া-শুনাত অলপ অসুবিধা হোৱা বুলি উল্লেখ কৰি অনলাইন ক্লাছৰ জৰিয়তে সেইখিনি আয়ত্ব কৰা বুলি মন্তব্য কৰে ছাত্ৰীগৰাকীয়ে ৷
ইয়াৰ লগতে, সামাজিক মাধ্যম উপযোগী বুলি মন্তব্য কৰি কয়, "সামাজিক মাধ্যম ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে ।" ছাত্ৰীগৰাকীয়ে আজৰি সময়ত গান শুনি সময় আতিবাহিত কৰা বুলিও মন্তব্য কৰে ।
পৰৱৰ্তি শিক্ষা ৰামানুজন একাডেমীত বিজ্ঞান শাখাত নামভৰ্তি কৰিব বুলি উল্লেখ কৰি ভৱিষ্যতে সু চিকিৎসাক হোৱাৰ সপোন পুহি ৰাখিছে নিশাই ৷ আনহাতে ছাত্ৰী গৰাকীৰ অভিভাৱক শিক্ষক-শিক্ষয়ত্ৰীসকল এই ফলাফলক লৈ যথেষ্ঠ সুখী হৈছে ।
লগতে পঢ়ক : চিকিৎসক হোৱাৰ সপোন সপ্তম স্থান পোৱা ডিমুৰ নিশা শৰ্মাৰ