নিউজ ডেস্ক, 6 চেপ্টেম্বৰ : 31 আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ পাচতে ৰাজ্যত বৃদ্ধি পোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷ সেয়েহে তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ দুই পৃষ্ঠাৰ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ পত্ৰ খনত তেওঁ উল্লেখ কৰে, এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাচতে জাতি, ধৰ্ম নিৰ্বিশেষে ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ আবেদন কৰা 3,30,27,661 জন লোকৰ ভিতৰত 3,11,21,004 জন লোকৰ নাম এন আৰ চিত প্ৰকাশ পোৱাৰ পৰিৱৰ্তে 19,06,657 জন লোকে এতিয়াও স্থান লাভ কৰিবলৈ সক্ষম নহ'ল ৷ এন আৰ চিৰ খচৰা প্ৰকাশৰ সময়তো 40 লাখ লোকে স্থান লাভ কৰিবলৈ সক্ষম নোহোৱাত প্ৰকৃত ভাৰতীয় নাগৰিকৰ মাজত তীব্ৰ উদ্বিগ্নতাৰ সৃষ্টি হৈছিল ৷ সেই সময়তে সকলোৱে আশা কৰিছিল যে, এন আৰ চি কৰ্তৃপক্ষ এই বিষয়টোক লৈ যথেষ্ট সচেতন হ'ব আৰু বিসংগতিহীন এখন এনআৰচি প্ৰকাশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷ কিন্তু সকলোৰে আশাত চেঁচা পানী ঢালি এন আৰ চি কৰ্তৃপক্ষই বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ লাখ লাখ জনতাক এন আৰ চিৰ পৰা বাদ দিয়াৰ লগতে অনিশ্চয়তা আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰিলে ৷
এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই নিজৰ দায়িত্বৰ ক্ষেত্ৰত অৱহেলা প্ৰদৰ্শন কৰিলে ৷ ইয়াৰ জৰিয়তে এন আৰ চিৰ কামত নিয়োজিত 50,000 চৰকাৰী বিষয়াৰ লগতে প্ৰায় 1200 কোটিকৈ টকা পানীত পেলায় ৷ 50,000 জনকৈ লোক নিয়োজিত হৈ থকাৰ ফলত ৰাজ্যখনৰ উন্নয়নৰ গতি ৰোধ হ'ল ৷ এই চূড়ান্ত এন আৰ চি খন প্ৰায় সকলোবোৰ ৰাজনৈতিক দল, সামাজিক সংগঠন, ৰাজ্যৰ বৌদ্ধিক মহল আৰু যুৱ সংস্থা সমূহে বৰ্জন কৰিছে ৷
ইয়াৰোপৰি, এন আৰ চি সম্পৰ্কত ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মতসমূহত বিভেদ দেখা গৈছে ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসেও চূড়ান্ত তালিকাক নাকচ কৰাৰ লগতে বিসংগতিৰ কথা উল্লেখ কৰিছে ৷ লগতে হিমন্ত বিশ্ব শৰ্মাইও এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰেৰে দ্বি-মত পোষণ কৰিছে ৷ ইয়াৰ পৰিৱৰ্তে বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে মন্তব্য আগবঢ়াইছে যে, চূড়ান্ত এন আৰ চি খন সাংবিধানিক, স্বচ্ছ আৰু আইনী ৷ সন্মানীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এই এন আৰ চি কাৰ্যকৰী কৰাৰ লগতে ন্যায়ালয়ে সমগ্ৰ অনুশীলন তত্বাৱধান কৰি আহিছে বুলি মন্তব্য আগবঢ়াইছিল ৰবিশ কুমাৰে ৷
এই বিসংগতিৰ বাবে ৰাজ্যিক চৰকাৰে উচ্চতম ন্যায়ালয়ক দোষাৰোপ কৰাৰ চেষ্টা চলাইছে যদিও এন আৰ চি বলবৎ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰেহে ৷ তেওঁৰ দৃষ্টিত এয়া সম্পূৰ্ণভাৱে ভাৰত চৰকাৰৰ ব্যৰ্থতাৰ বাহিৰে একো নহয় বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ কিন্তু, এতিয়া এন আৰ চিৰ পৰা বাদ পৰা লাখ লাখ নাগৰিকৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিছে ৷ এইসকল লোকক বিদেশী ন্যায়াধিকৰণত নিজৰ নাগৰিকত্ব প্ৰমাণৰ বাবে যাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু ফলত নাগৰিকসকলে ভূগিব লাগিব যমৰ যাতনা ৷ এন আৰ চি বলৱৎকাৰী সকলৰ ভুল আৰু অপাৰদৰ্শিতাৰ বাবেই এনেদৰে নানা কষ্ট ভুগিবলগীয়া হ'ব এইসকল লাখ লাখ লোকে ৷
এটা কথা উল্লেখ কৰিব লাগিব যে, সকলো ধৰণৰ যথাযোগ্য নাগৰিকত্বৰ প্ৰমাণপত্ৰ থকাৰ পাচতো সামৰিক বাহিনীৰ কৰ্মচাৰী, আৰক্ষী বিষয়া, মুক্তিযোদ্ধাৰ পৰিয়াল, বিধায়ক, প্ৰাক্তন বিধায়ক, প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ পৰিয়াল আৰু হাজাৰ হাজাৰ ভাৰতীয় পাচপ'ৰ্ট থকা লোক এন আৰ চিৰ পৰা বাদ পৰিছে ৷ আমোদজনক কথাটো হ'ল যে, ভাৰত চৰকাৰৰ গৃহ বিভাগে আগবঢ়োৱা মন্তব্য অনুসৰি, এন আৰ চিৰ পৰা বাদ পৰা সকল বিদেশী অথবা সন্দেহযুক্ত বিদেশী নহয় ৷ তেওঁলোক যদি ভাৰতীয় নাগৰিক হয়েই তেন্তে কি কাৰণত বিদেশী ন্যায়াধীকৰণত নিজৰ নাগৰিকত্ব প্ৰমান কৰিবলৈ উপস্থিত হ'ব ৷
ইয়াৰোপৰি, 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুযোগ লাভ কৰা লোকসকল কেনেদৰে এন আৰ চি তালিকাৰ পৰা বাদ পৰিল ৷ ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা ভোটাৰ তালিকাৰ লোকসকলেই এনেদৰে এন আৰ চিত স্থান লাভ নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰে গগৈয়ে ৷
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে যিহেতু ৰঞ্জন গগৈয়ে সৰ্বোচ্চ স্থান অধিকাৰ কৰি আছে সেয়েহে প্ৰকৃত ভাৰতীয় নাগৰিকসকলক জীয়াই থকাৰ অধিকাৰ, স্বতন্ত্ৰতা আৰু নিজৰ মৰ্যাদা ৰক্ষাৰ পৰা বিচ্ছিন্ন কৰিব নালাগে বুলি অনুৰোধ জনাই তৰুণ গগৈয়ে ৷
বৰ্তমানৰ অসমৰ পৰিস্থিতি নিসন্দেহে গুৰুতৰ হৈ পৰিছে ৷ এনে দূৰ্যোগৰ সময়ত অসমৰ জনগণই ৰঞ্জন গগৈৰ হস্তক্ষেপ কামনা কৰিছে আৰু সমগ্ৰ কাণ্ডৰ পৰ্যালোচনা কৰাৰ লগতে ন্যায় প্ৰদান কৰিবলৈও আহ্বান জনাই তৰুণ গগৈয়ে ৷