ETV Bharat / city

মোডীয়ে ডিঙিত গামোচা ল'লেই অসমক ভালপোৱা নুবুজাই : তৰুণ গগৈ - প্ৰলয়ংকাৰী বান, খহনীয়া, ক'ভিড-১৯, জাপানীজ এনকেফেলাইটিছ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ অসমবাসীৰ প্ৰতি মোডীৰ কোনো সহানুভূতি নাই বুলি মন্তব্য গগৈৰ ৷

প্ৰধানমন্ত্ৰী মোডীক সমালোচনা তৰুণ গগৈৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
author img

By

Published : Jul 21, 2020, 5:26 PM IST

গুৱাহাটী, 21 জুলাই : ৰাজ্যত এতিয়া দুৰ্যোগৰ উপৰি দুৰ্যোগ । সম্প্ৰতি প্ৰলয়ংকাৰী বান, খহনীয়া, ক'ভিড-১৯, জাপানীজ এনকেফেলাইটিছৰ কবলত অসমীয়া ৰাইজ । ৰাজ্যখনত সৃষ্টি হোৱা এই চৰম দুৰৱস্থা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

প্ৰধানমন্ত্ৰী মোডীক সমালোচনা তৰুণ গগৈৰ

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "এই পৰিস্থিতিৰ বাবে প্ৰধানতঃ দায়ী কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সময়ত উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰাটো । মাথো বান আৰু গৰাখহনীয়াতে ৰাজ্যখনৰ প্ৰায় ৫০ লক্ষ মানুহ ক্ষতিগ্ৰস্ত হৈ চৰম আলৈ-আথানিৰ সন্মুখীন হৈছে । এই চূড়ান্ত দুৰ্যোগৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীৰ দোষৰ বুজ লোৱাৰ লগতে সমভাগী হ'বলৈ অসমত উপস্থিত হোৱা উচিত বুলি মই ভাবো । এনে বিপদৰ সময়তে যদি নাহে কেতিয়া আহিব? কেৱল গামোচাখন ডিঙিত ওলমাই ঘৰিয়ালৰ চকুপানী টুকিলেই অসমীয়া মানুহৰ সমস্যা সমাধান হৈ নাযায় । মাথো গামোচাখন ডিঙিত মেৰিয়ালেই অসমীয়া মানুহ সন্তুষ্ট হৈ থাকিব বুলি যদি ভাবিছে তেন্তে সেইয়া তেওঁৰ ভুল আৰু এনেধৰণৰ কাৰ্যই প্ৰমাণ কৰে যে অসমবাসীৰ প্ৰতি প্ৰকৃতাৰ্থত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সহানুভূতি নাই ।"
লগতে পঢ়ক : শীঘ্ৰেই মুক্ত আকাশৰ তললৈ আহিব অখিল গগৈ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.