গুৱাহাটী, 28 মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনত নিজৰ নিজৰ প্ৰাৰ্থীক বিজয় কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত থকাৰ সময়তে ৰাজপথত প্ৰতিবাদ নামিল কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল । কোনো ধৰণৰ ইচ্ছ্যু নোহোৱাকৈ এটা দলে আনটো দলক গালি পাৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰি এইবাৰ লোকসভা নিৰ্বাচনত ভোটদান নকৰাৰ সিদ্ধান্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ৷কটন মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰি চৰকাৰে ইয়াৰ আন্তঃগাঁথনিৰ উন্নয়নৰ যি আশ্বাস প্ৰদান কৰিছিল সেই আশ্বাস আজিলৈকে চৰকাৰে পূৰণ কৰিবলৈ সক্ষম নোহোৱাত বৃহস্পতিবাৰে ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হয় বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল ।
লোকসভাত ভোটদানৰ পৰা বিৰত থাকিব কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী - লোকসভা নিৰ্বাচন
হাতে হাতে বেনাৰ প'ষ্টাৰ লৈ বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ কটনিয়ানৰ
গুৱাহাটী, 28 মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনত নিজৰ নিজৰ প্ৰাৰ্থীক বিজয় কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত থকাৰ সময়তে ৰাজপথত প্ৰতিবাদ নামিল কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল । কোনো ধৰণৰ ইচ্ছ্যু নোহোৱাকৈ এটা দলে আনটো দলক গালি পাৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰি এইবাৰ লোকসভা নিৰ্বাচনত ভোটদান নকৰাৰ সিদ্ধান্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ৷কটন মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰি চৰকাৰে ইয়াৰ আন্তঃগাঁথনিৰ উন্নয়নৰ যি আশ্বাস প্ৰদান কৰিছিল সেই আশ্বাস আজিলৈকে চৰকাৰে পূৰণ কৰিবলৈ সক্ষম নোহোৱাত বৃহস্পতিবাৰে ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হয় বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল ।
Body:আগন্তক লোকসভা নিৰ্বাচনত নিজৰ নিজৰ প্ৰাৰ্থীক বিজয় কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত থকাৰ সময়তে ৰাজপথত প্ৰতিবাদ নামিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল। কোনো ধৰণৰ ইছ্যু নোহোৱাকৈ এটা দলে আনটো দলক গালি পাৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে এইবাৰ লোকসভা নিৰ্বাচনত ভোটদান নকৰাৰ সিদ্ধান্ত লৈছে। কটন মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰি চৰকাৰে ইয়াৰ অন্তৰগাঁঠনিৰ উন্নয়নৰ যি আশ্বাস প্ৰদান কৰিছিল সেই আশ্বাস আজিলৈকে চৰকাৰে পূৰণ কৰিবলৈ সক্ষম নোহোৱাত আজি ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল। বিশ্ববিদ্যালয়খনত খালি হৈ থকা শিক্ষকৰ পদ অতি শীঘ্ৰে পূৰণ কৰাৰ লগতে ইয়াৰ অন্তৰগাঁঠনিৰ উন্নয়নৰ দাবী জনাই কটন বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে আজিৰ পৰা আৰম্ভ কৰিছে ৪৮ ঘণ্টা জোৰা অৱস্থান ধৰ্মঘট। বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত হাতে হাতে বেনাৰ পোষ্টৰ লৈ ছাত্ৰ-ছাত্ৰী সকলে চৰকাৰক অতি শীঘ্ৰে তেওঁলোকৰ দাবী সমূহ পূৰণৰ দাবী জনাইছে।
বাইট : ছাত্ৰ
Conclusion:লোকসভা নিৰ্বাচনত ভোটদান বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছত্ৰী সকলে চৰকাৰে তেওঁলোকৰ দাবী পূৰণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।