ETV Bharat / city

কংগ্ৰেছৰ বিধায়কক অভিজাত হোটেলত আৱদ্ধ কৰি ৰখাৰ চিন্তা-চৰ্চা প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ

ৰাজ্যসভা নিৰ্বাচনৰ বাবে হ’বলগীয়া ভোটৰ দিনটোলৈ মাজত বাকী আছে মাত্ৰ পাঁচটা দিন । এই সময়ছোৱাতে কংগ্ৰেছ দল আৰু কংগ্ৰেছী ৰাজনীতিৰ বাহিৰে ভিতৰে এতিয়া অহৰ্নিশে বিৰাজ কৰিছে এক সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ (Congress worried about victory even after having MLAs to win Rajya Sabha) । এই কথাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে দলটোৰ ৰাজ্যিক বিষয়ববীয়াৰ এখন বৈঠক অনুষ্ঠিত হ’ব বুলি জনায় প্ৰদেশ কংগ্ৰেছৰ এগৰাকী শীৰ্ষ বিষয়ববীয়াই ৷

author img

By

Published : Mar 25, 2022, 8:17 PM IST

কংগ্ৰেছৰ বিধায়কক অভিজাত হোটেলত "আৱদ্ধ" কৰি ৰখাৰ চিন্তা-চৰ্চা প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ

গুৱাহাটী, 25 মাৰ্চ : ৰাজ্যৰ কংগ্ৰেছ দল আৰু কংগ্ৰেছী ৰাজনীতিৰ বাহিৰে ভিতৰে এতিয়া অহৰ্নিশে বিৰাজ কৰিছে এক সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ । মুখ খুলি কোনো কংগ্ৰেছ নেতাই এই কথা ক’ব খোজা নাই বা কংগ্ৰেছৰ সকলো বিধায়ক ঐক্যবদ্ধ বুলি বাহিৰত দেখুৱাই কংগ্ৰেছ নেতৃত্বই সকলোকে পতিয়ন নিয়াবলৈ অহৰহ চেষ্টা চলালেও ভিতৰি যে পৰিস্থিতি মুঠেও তেনেকুৱা নহয় তাৰ উমান ইতিমধ্যে পোৱা গৈছে (Congress worried about victory even after having MLAs to win Rajya Sabha) ।

কিয়নো ৰাজ্যসভা নিৰ্বাচনৰ (Assam Rajya Sabha election 2022) বাবে হ’বলগীয়া ভোটৰ দিনটোলৈ মাজত বাকী আছে মাত্ৰ পাঁচটা দিন । ভোটৰ ৰাজনীতিত দৃশ্যপট সলনি হ’বলৈ এঘন্টাই যথেষ্ঠ । গতিকে এই পাঁচদিনৰ ভিতৰত ৰাজনীতিত বহুত ঘটনাই ঘটিব পাৰে । সেয়েহে কংগ্ৰেছ ৰাজনীতিত এতিয়া কেউদিশে সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ ।

শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ এগৰাকী শীৰ্ষ বিষয়ববীয়াই জানিবলৈ দিয়া মতে কাইলৈ অৰ্থাৎ শনিবাৰে দলটোৰ ৰাজ্যিক বিষয়ববীয়াৰ এখন বৈঠক অনুষ্ঠিত হ’ব । আনহাতে, দেওবাৰে অনুষ্ঠিত হ’ব ৰাজ্যিক পূৰ্ণাংগ কাৰ্যনিৰ্বাহকৰ এখন গুৰুত্বপূৰ্ণ বৈঠক । মূলত ৰাজ্যসভাৰ নিৰ্বাচনক আগত ৰাখিয়েই কংগ্ৰেছৰ এই তৎপৰতা ।

তাৎপৰ্যপূৰ্ণ ভাৱে প্ৰদেশ কংগ্ৰেছৰ সুত্ৰটোৱে জনোৱা মতে, 27 মাৰ্চৰ কাৰ্যনিৰ্বাহক বৈঠকৰ পিছত বিজেপিৰ সম্ভাব্য হৰ্চ ট্ৰেডিঙৰ পৰা ৰক্ষা পাবলৈ কংগ্ৰেছৰ আটাইকেইগৰাকী বিধায়কক ভোটৰ দিনটোলৈকে একেলগে গুৱাহাটীৰ এখন অভিজাত হোটেলত "আৱদ্ধ" কৰি ৰখাৰো চিন্তা চৰ্চা কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই (Congress leadership thinks of keeping Congress MLA in hotel) ।

ইপিনে, ৰাজ্যসভাৰ প্ৰাৰ্থী ৰিপুণ বৰাই (Congress candidate Ripun Bora ) বিৰোধী বিধায়কসকলৰ ঘৰে ঘৰে গৈ তেওঁক ভোট দিয়াৰ বাবে অনুৰোধ জনাই মিঠাই বিতৰণ কৰি ফুৰা কাৰ্যও এতিয়া ৰাজ্যৰ ৰাজনীতিত চৰ্চিত হৈ পৰিছে ।

ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika) আৰু যোগেন মহনে (Minister Jogen Mohan) ইতিমধ্যে ৰিপুণ বৰাই এইদৰে বিধায়কক মিঠাই খুৱাই ফুৰিলে কোনোবা বিধায়ক হয়তো মধুমেহ বৃদ্ধি পাই অসুস্থ হৈ পৰিব আৰু ফলস্বৰূপে ৰাজ্যসভা নিৰ্বাচনৰ দিনা তেওঁ ভোট দিবলৈ আহিব নোৱাৰিব বুলিও ইংগিতপূৰ্ণ কটাক্ষ কৰিছে ।

মন কৰিবলগীয়া যে, 31 মাৰ্চৰ নিৰ্বাচনত যদি বিৰোধী পক্ষৰ এজন বিধায়কো ভোটদানৰ পৰা বিৰত থাকে তেন্তে ৰিপুণ বৰাৰ পৰাজয় নিশ্চিত ।

লগতে পঢ়ক : আজি যোগীৰ অভিষেক; পুৱাই গুৱাহাটী এৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.