ETV Bharat / city

Kalakhetra employees union announces strikes : অচল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ !

author img

By

Published : Dec 5, 2021, 8:31 PM IST

3 ডিচেম্বৰৰ পুৱা 8 বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাই বিভিন্ন দাবী উত্থাপন কৰি অসহযোগ আন্দোলনৰ সিদ্ধান্ত লোৱা হয়(Srimanta Sankardev Kalakhetra employees union announces strikes)। এই অসহযোগ আন্দোলনৰ তিনিদিন হোৱা স্বত্বেও বৰ্তমানলৈ এই দাবীসমূহ সমাধানৰ ক্ষেত্ৰত কলাক্ষেত্ৰ কৰ্তৃপক্ষ আৰু চৰকাৰী কৰ্তৃপক্ষই কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ ফলত ক্ষোভিত হৈ পৰিছে কলাক্ষেত্ৰৰ কৰ্মচাৰীসকল ৷

srimanta-sankarde-kalakhetra-employees-union-announces-strikes
অচল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ !

গুৱাহাটী, 5 নৱেম্বৰ : অচল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ! শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাৰ অসহযোগ আন্দোলন । কলাক্ষেত্ৰ কৰ্মচাৰীৰ বিভিন্ন সমস্যাৰাজিৰ প্ৰতি লক্ষ্য ৰাখি এই অসহযোগ আন্দোলনৰ সিদ্ধান্ত লোৱা হয়(Srimanta Sankardev Kalakhetra employees union announces strikes)। বিগত 3 ডিচেম্বৰৰ পুৱা 8 বজাৰ পৰা আৰম্ভ হোৱা এই অসহযোগ আন্দোলনৰ তিনিদিন হোৱা স্বত্বেও বৰ্তমানলৈ এই দাবীসমূহ সমাধানৰ ক্ষেত্ৰত কলাক্ষেত্ৰ কৰ্তৃপক্ষ আৰু চৰকাৰী কৰ্তৃপক্ষই কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ ফলত ক্ষোভিত হৈ পৰিছে কলাক্ষেত্ৰৰ কৰ্মচাৰীসকল ৷

2018 চনৰ এচেচমেন্ট ৰিপ’ৰ্ট মতে কলাক্ষেত্ৰত সকলো নিযুক্ত কৰ্মচাৰীৰ গ্ৰেছুইটি আৰু এল আই চি পেঞ্চনৰ ব্যৱস্থা পূৰ্বৰ কৰ্মচাৰীৰ দৰে নিযুক্তিৰ তাৰিখৰ পৰা দিয়াৰ ব্যৱস্থা কৰা, বাকী থকা সকলো অস্থায়ী কৰ্মচাৰীক স্কেল পে’ দি স্থায়ীকৰণ কৰি সকলো সা-সুবিধা ৰিপ’ৰ্টত নিৰ্ধাৰণ কৰা তাৰিখৰ পৰা দিয়াৰ দাবী উত্থাপন কৰে ৷

অচল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ !

তাৰোপৰি পূৰ্বৰ পৰা কাৰিকৰী শাখাত কৰ্মৰত সকলো কৰ্মচাৰীকে টেকনিকেল গ্ৰেড (Technical grade) প্ৰদান কৰি কাৰিকৰী মৰ্যদা প্ৰদান কৰা, পদোন্নতি পাবলগীয়া সকলো কৰ্মচাৰীক সকলো সা-সুবিধা সহ পদোন্নতি দিয়া, বিজ্ঞাপন আৰু সাক্ষাৎকাৰৰ জৰিয়তে নিৰ্বাচিত কৰা 4 জন দৈনিক হাজিৰাৰ কাৰিকৰী কৰ্মীক অনতিপলমে কলাক্ষেত্ৰৰ কৰ্মচাৰীৰূপে স্বীকৃতি দিয়া ইত্যাদি বিভিন্ন দাবীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

উল্লেখ্য যে, 855 জন শ্বহীদৰ আত্মত্যাগৰ ফলশ্ৰুতিত অসম চুক্তিৰ 6 নং দফা মতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ স্থাপন কৰা হৈছিল । কিন্তু অতি পৰিতাপৰ কথা যে, এমুঠি কৰ্মচাৰীৰে আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ বৰ্তমানৰ কৰ্মচাৰীৰ সংখ্যা মুঠ 94 জন । ইয়াৰোপৰি 2018 চনত 40 জন স্থায়ীকৰণ কৰা কৰ্মচাৰীক আজিলৈ গ্ৰেচুইটি আৰু LIC পেঞ্চন দিয়া হোৱা নাই ।

লগতে, বাকী থকা কৰ্মচাৰীসকলক স্থায়ীকৰণ কৰাৰ ক্ষেত্ৰত আজি পৰ্যন্ত কলাক্ষেত্ৰ কৰ্তৃপক্ষ তথা চৰকাকে হাতত লোৱা নাই কোনোধৰণৰ পদক্ষেপ । ফলত ক্ষোভিত হৈ পৰিছে কলাক্ষেত্ৰৰ কৰ্মচাৰী সকল ৷ ইতিমধ্যে এই সমস্যা সমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰী, আয়ুক্ত সচিব, সঞ্চালক, কলাক্ষেত্ৰৰ সচিব, উপসভাপতি বাৰম্বাৰ লিখিত আবেদন জনোৱা হৈছে ৷

তথাপিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বৰ্তমানৰ চৰকাৰখনে । ফলত 3 ডিচেম্বৰ পৰা 8 ডিচেম্বৰলৈ এই অসহযোগ আন্দোলন কাৰ্যসূচী চলাই নিব বুলি কাৰ্মচাৰীসকলে জানিব দিয়ে (Srimanta Sankardev kalakhetra employees union announces strikes)৷

লগতে পঢ়ক : Nagaon police firing : আনন্দ মিশ্ৰ বাহিনীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.