ETV Bharat / city

গুৱাহাটীৰ কেইবাটাও স্থানক 'প্ৰটেকটেড এৰিয়া' ঘোষণা জিলা প্ৰশাসনৰ

author img

By

Published : Dec 22, 2020, 8:37 PM IST

গুৱাহাটীৰ কেইবাটাও স্থানক 'প্ৰটেকটেড এৰিয়া' ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ৷ মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুয়ে এক জাননী যোগে এই নিৰ্দেশনা জাৰি কৰে ৷

গুৱাহাটী
গুৱাহাটী

গুৱাহাটী, 22 ডিচেম্বৰ : গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানক 'প্ৰটেকটেড এৰিয়া' ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ৷ এলেকাসমূহত প্ৰৱেশ কৰা সকলো লোকৰ গতিবিধি লক্ষ্য কৰিব প্ৰশাসনে ৷ প্ৰশাসনে নিৰাপত্তাৰ বাবে নিৰ্ধাৰণ কৰা এলেকাসমূহ হ'লে জি এছ ৰোডৰ পৰা আৰম্ভ কৰি গণেশগুৰি উৰণীয়া সেঁতু, চুপাৰ মাৰ্কেট পুলিছ পইন্ট, চুপাৰ মাৰ্কেট পুলিছ পইন্টৰ পৰা দিশপুৰ লাষ্টগেট, গণেশ মন্দিৰৰ পৰা গণেশগুৰি চাৰিআলিলৈ, লাষ্টগেটৰ পৰা আৰ পি ৰোডলৈ ৷

গুৱাহাটীৰ কেইবাটাও স্থানক 'প্ৰটেকটেড এৰিয়া' ঘোষণা

নিৰ্ধাৰিত এই অঞ্চলসমূহত নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ উদ্দেশ্যেৰে জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা ৷ মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুয়ে এক জাননী যোগে এই নিৰ্দেশনা জাৰি কৰে ৷ পাব্লিক অৰ্দাৰ এক্ট, 1947 ৰ অধীনত এই নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷

লগতে পঢ়ক : বিটিআৰ পৰিষদীয় চৰকাৰ গঠন সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.