ETV Bharat / city

বিনামূলীয়াকৈ গাখীৰ বিতৰণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে

author img

By

Published : Aug 18, 2019, 5:14 PM IST

বহিৰাগত দুগ্ধ উৎপাদক সমিতিৰ বিৰুদ্ধে অব্যাহত আছে থলুৱা গো-পালক তথা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰতিবাদ ৷ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে বিগত 16 আগষ্টৰ পৰা ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ পূৰবী ডেইৰীৰ বিৰুদ্ধে অসমৰ স্থানীয় দুগ্ধ উৎপাদক সমিতিখনে এইদৰে অভিনৱ প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

গুৱাহাটীত বিনামূলীয়াকৈ গাখীৰ বিতৰণ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ

গুৱাহাটী, 18 আগষ্টঃ পূৰবী ডেইৰীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ৷ নগাঁৱৰ কিলিং নদীৰ পিচত দেওবাৰে মহানগৰীটো প্ৰতিবাদ সাব্যস্ত কৰে দুগ্ধ উৎপাদক সমবায় সমিতিখনৰ কৰ্তৃপক্ষই ৷ পূৰবী ডেইৰীৰ বিৰুদ্ধে দুৰ্নীতি আৰু নীতিবৰ্হিভূতভাৱে কাম কৰাৰ প্ৰতিবাদতে এইদৰে অভিনৱ পন্থা হাতত লয় সমবায় সমিতিখনে ৷ দেওবাৰে মহানগৰীস্থিত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত উপস্থিত হৈ বিনামূলীয়াকৈ গাখীৰ বিতৰণ কৰে সমবায় সমিতিখনে ৷

অসম সমবায় আইনৰ বিপৰীতে গৈ কাম কৰি থকা পুৰবী ডেইৰীৰ বিৰুদ্ধে সীতাজখলা দুগ্ধ উৎপাদক সমবায়ে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ নীতি বৰ্হিভূতভাৱে পুৰবী ডেইৰীয়ে গঠন কৰিছে বহু সংখ্যক দুগ্ধ উৎপাদক গোট ৷ ইয়াৰ দ্বাৰাই স্থানীয় গোপালকসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে বহিৰাগত প্ৰতিষ্ঠানটোৱে ৷ যাৰ বাবেই গাখীৰৰ উপযুক্ত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে হাজাৰ হাজাৰ থলুৱা গোপালক ৷

দেওবাৰেও প্ৰতিবাদ অব্যাহত ৰাখি মহানগৰীৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত চাকি জ্বলায় সীতাজখলাৰ কৰ্তৃপক্ষই ৷ ইয়াৰ উপৰিও প্ৰায় 1600 লিটাৰ গাখীৰ বিনামূলীয়াকৈ বিতৰণ কৰে সমবায় সমিতিখনে ৷ স্থানীয় গোপালকসকলে সন্মুখীন হৈ অহা এই সমস্যাৰ সমাধান সূত্ৰ নোলোৱালৈকে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি জনায় সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ৷

Intro:সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অভিনৱ প্ৰতিবাদ। পুৰবী ডেইলীৰ থলুৱা দুগ্ধ সমবায়ৰ প্ৰতি থকা অগ্ৰসন নীতিৰ বিৰুদ্ধে যোৱা ১৬ আগষ্টৰ পৰাই চিন্তন ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে থলুৱা গো পালকসকলে। এই অভিনৱ প্ৰতিবাদৰ অংশ হিচাপে দেওবাৰে মহানগৰীৰ জালুকবাৰীস্থিত ভূপেন হাজৰিকাহাজৰিকা সমাধিক্ষেত্ৰৰ স্মৃতিশোধত চাকি জ্বলাই।

Body:তাৰ পিছতেই অসমীয়া হিয়াৰ আমঠু ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত সেৱা জনাই দৰ্শনাৰ্থীসকলৰ মাজত বিনামূলীয়াকৈ গাখীৰ বিতৰণ কৰে। এই অভিনৱ প্ৰতিবাদ জৰিয়তে প্ৰত্যক্ষভাৱে চৰকাৰী হস্তক্ষেপ বিচাৰিছে গো পালকসকলে। থলুৱা উৎপাদকক পেটে-ভাতে মাৰি কোনো নীতি হাতত ল'লে তাক কোনো পধ্যেই মানি নোলোৱাৰ হুংকাৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ। যাৰ পৰিপ্ৰেক্ষিতত এই সমস্যাৰ সমাধান সূত্ৰ নোলোৱা পৰ্যন্ত এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰি যাব থলুৱা গো পালকসকলে। ইফালে দেওবাৰে প্ৰায় পুৰবী ডেইলীক প্ৰতিদিনে যোগান ধৰা ১৬০০ লিটাৰ গাখীৰ বিনামূলীয়াকৈয়ে মহানগৰীৰ বিভিন্ন স্থানত বিতৰণ কৰে। তাৰোপৰি সীতাজখলাৰ ব্ৰেণ্ড এম্বেছেডৰ জুবিন গাৰ্গ সাক্ষাৎ কৰি এই কথা জনাব সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে।

Conclusion:HIRUL HAQUE I GUWAHATI

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.