গুৱাহাটী, ৪ এপ্ৰিল: গুৱাহাটী মহানগৰীত সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনাৰ পোহৰলৈ আহিছে । ভিনিহীয়েকৰ কামনাৰ বলি হ’ল এগৰাকী ১৪ বছৰীয়া কিশোৰী । ভুক্তভোগী কিশোৰী গৰাকী বৰ্তমান অন্তঃসত্বা (Minor girl got pregnant)। উজানবজাৰৰ উৰিয়াবস্তিত সংঘটিত হৈছে এই ঘটনা । ভুক্তভোগী কিশোৰীগৰকাৰী আইতাক আৰু মাহীয়েকে গোচৰ দাখিলৰ পিছতেই পোহৰলৈ আহিছে এই ঘটনা ৷
দেওবাৰে বিয়লি ৫বজাত পানবজাৰ মহিলা আৰক্ষীৰ থানাত এই সন্দৰ্ভত দাখিল কৰা হৈছিল এজাহাৰ । উল্লেখ্য যে, কিশোৰী গৰাকীৰ দুদিন পূৰ্বে স্বাস্থ্যৰ অৱনতি হোৱাৰ বাবে স্বাস্থ্য পৰীক্ষা কৰোৱাত তেওঁ অন্তঃসত্বা বুলি ধৰা পৰে । ইফালে, পানবজাৰ মহিলা আৰক্ষী থানাই ২৪/২২ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬(২)(আই) আৰু সংলগ্নধাৰা POSCO ৬ ৰ অধীনত দেওবাৰে মেঘালয়ৰ বৰ্ণিহাটত আত্মগোপন কৰি থকা অৱস্থাত জনৈক দাসক(২১) গ্ৰেপ্তাৰ (Arrested under POSCO act) আৰু কিশোৰী গৰাকীক উদ্ধাৰ কৰে ।
বৰ্ণিহাটৰ পৰা চাইল্ড লাইনৰ সহযোগত পানবজাৰ মহিলা আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰী গৰাকীক । কিশোৰী গৰাকী জ্যেষ্ঠভগ্নীক বিয়া কৰাইছিল অভিযুক্তই । অভিযুক্ত বর্তমান এটি কন্যা সন্তানৰ পিতৃ।
লগতে পঢ়ক : শিৱসাগৰৰ বন্ধুৰ ঘৰলৈ যাও বুলি আলফালৈ গ’ল নেকি সমীৰণ ?