গুৱাহাটী, ২৬ নৱেম্বৰ : হঠাতে চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ ল’লে ৩৩ গৰাকীকৈ চৰকাৰৰ বিশেষজ্ঞ চিকিৎসকে(Specialist doctors resigns in Assam) । অৱশ্যে ব্যক্তিগত কাৰণৰ দোহাই দি এইসকল চিকিৎসকে স্বেচ্ছামূলক অৱসৰ(Government Doctors quit Jobs) গ্ৰহণ কৰিছে । কিন্তু অত্যাধিক কামৰ হেঁচাৰ বাবেই এইসকল বিশেষজ্ঞ চিকিৎসকে(অসমৰ মেডিকেল কলেজ) স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিছে বুলি এতিয়া সৰ্বত্ৰ চৰ্চিত হৈছে ।
অৱসৰ গ্ৰহণ কৰাসকলৰ মাজত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসক ।
স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা এইসকল চিকিৎসক হ'ল ক্ৰমে ডাঃ শশীভা বৰ্মন, ডাঃ জন কুমাৰ কলিতা, ডাঃ কাকলি দত্ত, ডাঃ এইছ কে সিং, ডাঃ মনময়ুৰী দুলাল মহন্ত, ডাঃ ভাস্কৰজ্যোতি বৰদলৈ, ডাঃ কৃপেশ ৰঞ্জন শৰ্মা, ডাঃ ধ্ৰুৱজ্যোতি তালুকদাৰ, ডাঃ পল্লৱী বৰদলৈ, ডাঃ প্ৰিয়ংকা চাংমাই, ডাঃ ছেৰিনা নাচৰিন লস্কৰ, ডাঃ অনুপম হাজৰিকা ৷
ইয়াৰোপৰি আছে ডাঃ অনুপ দেৱ, ডাঃ ৰণিমা ডেকা, ডাঃ মানসজ্যোতি শইকীয়া, ডাঃ নীৰেন ধাদুমীয়া, ডাঃ অভিষেক ৰয়, ডাঃ সত্যজিৎ ৰাভা, ডাঃ মনোৱাৰ হুছেইন, ডাঃ শংকৰজ্যোতি পৰাশৰ, ডাঃ কিশোৰ চক্ৰৱৰ্তী, ডাঃ সুস্মিতা চৌধুৰী, ডাঃ ফিৰোজ আহমেদ, ডাঃ অৰণ্য ৰঞ্জন পাঠক, ডাঃ পূৱালী ডেকা আৰু ডাঃ সুকন্যা দে' ।
লগতে পঢ়ক : Changes in APSC exam pattern : অসমীয়া বিষয়ৰ কাকত বাতিল সন্দৰ্ভত কামাখ্যা প্ৰসাদ তাছাৰ সংবাদমেল