গুৱাহাটী, 9 এপ্ৰিল : অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নাতিনী তথা প্ৰাক্তন মন্ত্ৰী ৰবীন বৰদলৈৰ কন্যা অসীমা বৰদলৈয়ে ত্যাগ কৰিলে কংগ্ৰেছ (Ashima Bordoloi quit congress)। এই সন্দৰ্ভত তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি উল্লেখ কৰি জেষ্ঠ নেত্ৰী অসীমা বৰদলৈয়ে দল ত্যাগ কৰি দলৰ বিৰুদ্ধে ক্ষোভ উজাৰে নেত্ৰীগৰাকীয়ে ৷
তেওঁ কয় যে, কংগ্ৰেছ দলে কেৱল ‘বৰদলৈ’ উপাধিটোহে ব্যৱহাৰ কৰিলে । তাৰ বাহিৰে উচিত সন্মান প্ৰদান নকৰিলে । সদায়ে কংগ্ৰেছে ককাদেউতাৰ আৰু দেউতাকৰ উপাধি ব্যৱহাৰ কৰি আহিছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে । উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত কংগ্ৰেছ নেত্ৰীগৰাকীৰ এই সিদ্ধান্তই দলটোৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Senior leader Ashima Bordoloi quit congress party) ।
উল্লেখ্য যে, অসীমা বৰদলৈ দলৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী হোৱাৰ উপৰি গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন পৌৰপতিও আছিল । অৱশ্যে, নেত্ৰীগৰাকীয়ে কংগ্ৰেছ এৰি পৰৱৰ্তী সময়ত কোন দলত যোগদান কৰিব সেই সম্পৰ্কে বৰ্তমানলৈ কোনো কথা স্পষ্ট কৰা নাই । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, তেওঁ বহু চিন্তা-চৰ্চা কৰাৰ পাছতহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।
কংগ্ৰেছ দল বৰ্তমান সময়ত তৃণমূল পৰ্যায়ত বহু দুৰ্বল হৈ পৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, কংগ্ৰেছ দলত টকা-পইচাৰ বিনিময়ত প্ৰাৰ্থীত্ব প্ৰদান কৰা হয় । তেওঁ লগতে কয় যে, কংগ্ৰেছ দল এনেদৰে থাকিলে ৰাজনীতিৰ পৰা একেবাৰে নোহোৱা হৈ যাব । কংগ্ৰেছ দলত বৰ্তমান কোনো কাম কৰাৰ পৰিৱেশ নাই ।
নেতা-কৰ্মীৰ মাজত এতিয়া কোনো মিল নাই । তেওঁ কয় যে, তেওঁ দল ত্যাগৰ সিদ্ধান্ত সভাপতি ভূপেন বৰাক জনাইছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে । পৰবৰ্তী পদক্ষেপ সন্দৰ্ভত তেওঁ কয় যে, এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই ।
লগতে পঢ়ক : মূল্যবৃদ্ধি সন্দৰ্ভত বিমান ভিতৰত কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰানীক প্ৰশ্ন নীতা ডি'ছুজাৰ