ETV Bharat / city

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত গুৱাহাটীত বিশেষ আলোচনাচক্ৰ - নাগৰিকপঞ্জীত তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ(Retired CJI Ranjan Gogoi) ভূমিকাত অসন্তুষ্ট NRC ৰ অৱসৰপ্ৰাপ্ত সমন্বয়ক হিতেশ দেৱ শৰ্মা আৰু আসাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মা ৷ নাগৰিকপঞ্জীৰ খচৰা ভুলকৈ প্ৰকাশ হোৱাৰ অভিযোগ দুয়োৰে ৷ আছুৰ ভূমিকাতো অসন্তুষ্ট অৱসৰপ্ৰাপ্ত সমন্বয়ক হিতেশ দেৱ শৰ্মা ৷

seminar-on-nrc-in-guwahati
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত গুৱাহাটীত বিশেষ আলোচনা চক্ৰ
author img

By

Published : Sep 3, 2022, 10:45 PM IST

গুৱাহাটী, ৩ ছেপ্টেম্বৰ: দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন কেন্দ্ৰত শনিবাৰে ইউনাইটেড ট্ৰাষ্ট অৱ অসমৰ উদ্যোগত এখন বিশেষ আলোচনাচক্ৰ অনুষ্ঠিত হয় । অসমৰ বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী শীৰ্ষক বিষয়ক লৈ অনুষ্ঠিত হয় এই আলোচনাচক্ৰখন । আলোচনাচক্ৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ অৱসৰপ্ৰাপ্ত সমন্বয়ক হিতেশ দেৱ শৰ্মা, আসাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মা প্ৰমুখ্যে বহুকেইজন সমল ব্যক্তি উপস্থিত থাকে ।

আসাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মা

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই(NRC Ex coordinator Hitesh Sharma) নাগৰিকপঞ্জীখনত বহু ত্ৰুটি থকাৰ কথা উল্লেখ কৰি নাগৰিকপঞ্জীৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে ৷ প্ৰতীক হাজেলাৰ বাবেই সমগ্ৰ এনআৰচি প্ৰক্ৰিয়াটো বেয়া হ'ল বুলি উল্লেখ কৰি তেওঁ নাগৰিকপঞ্জীত বৃহৎ দুৰ্নীতিৰ হোৱাৰ পাছতো সেই সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে ৷

উচ্চতম ন্যায়ালয়ে নাগৰিকপঞ্জীৰ প্ৰসংগত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক আঁতৰাই ৰাখিছিল বুলিও অভিযোগ কৰে প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই । তেওঁ লগতে তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু প্ৰতীক হাজেলাৰ মাজতে সকলোখিনি কাম-কাজ হৈছিল বুলি উল্লেখ কৰে । তেওঁ নাগৰিকপঞ্জীত বহুত ভুল আছে বুলি উল্লেখ কৰাৰ লগতে ইয়াত বহু বিদেশীৰ নামো সোমাই থকাৰ কথা ব্যক্ত কৰে ।

শৰ্মাই ভুল ভাৱেই নাগৰিকপঞ্জীখন প্ৰকাশ হোৱাৰ কথা উল্লেখ কৰি মুখ্য ন্যায়াধীশ হৈ থকা অৱস্থাত ৰঞ্জন গগৈয়ে Re-Verificationৰ কোনো ব্যৱস্থা নোলোৱাৰো অভিযোগ কৰে । তেওঁ লগতে এনআৰচি ক্ষেত্ৰত আছুৰ ভূমিকাও সন্দেহজনক বুলি অভিযোগ কৰে ৷ আছুৰ দাবী অনুসৰি অসমত ৮০ লাখ বিদেশী আছে, কিন্তু খচৰা এনআৰচিত কেৱল ৪০ লাখ লোকৰ নাম বাদ পৰাৰ পাছত আছু কিয় সন্তুষ্ট হৈছিল বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ৷

আনহাতে আসাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মায়ো(Assam Public Work president Abhijit Sarma) নাগৰিকপঞ্জীক লৈ অসন্তুষ্টি ব্যক্ত কৰে ৷ তেওঁ কয় যে, যিখন নাগৰিকপঞ্জী প্ৰকাশ পালে তাত যথেষ্ট ত্ৰুটি ৰৈ গ'ল । তেওঁ NRCৰ নামত ২২৮ কোটিৰ সৰ্ববৃহৎ কেলেংকাৰী হোৱাৰ কথা ব্যক্ত কৰি ইয়াৰে অধিক কেলেংকাৰী ডাটা এণ্ট্ৰি অপাৰেটৰৰ নামত হোৱাৰ তথ্য সদৰী কৰে ৷ তেওঁ লগতে কয় যে, হাজেলা ৩ বছৰৰ কাৰণে বাহিৰলৈ গৈছে । হাজেলা চাকৰিত থাকোতেই চৰকাৰে হাজেলাৰ পাছপৰ্ট জব্দ কৰিব লাগে ৷

লগতে পঢ়ক : ত্ৰিপুৰা-বাংলাদেশৰ বাণিজ্যিক সমস্যা গ্ৰহণ কৰিবলৈ সন্মত প্ৰধানমন্ত্ৰী : ত্ৰিপুৰা চৰকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.