ETV Bharat / city

শ্ৰমিকৰ মজুৰি সন্দৰ্ভত অসম চৰকাৰক তলৱ সৰ্বোচ্চ ন্য়ায়ালয়ৰ

জ্যেষ্ঠ অধিবক্তা কোলিন গনছালভেছে চাহ শ্ৰমিকৰ হৈ আদালতত কয় যে, অসমৰ চাহ শ্ৰমিকসকলক এই লকডাউনৰ সময়ত এখনো চাহ বাগিছাই মজুৰি প্ৰদান কৰা নাই ।

অসম চৰকাৰক তলৱ সৰ্বোচ্চ ন্য়ায়ালয়ৰ
অসম চৰকাৰক তলৱ সৰ্বোচ্চ ন্য়ায়ালয়ৰ
author img

By

Published : May 13, 2020, 4:44 PM IST

গুৱাহাটী, ১৩ মে' : চাহ শ্ৰমিকৰ মজুৰিক লৈ অসম চৰকাৰক শীঘ্ৰেই উত্তৰ প্ৰদান কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ । লকডাউনৰ সময়ত অসমৰ চাহ শ্ৰমিকসকলে পাবলগীয়া মজুৰি লাভ নকৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক এইদৰে তলৱ কৰিছে ।

দেশৰ মুখ্য ন্যায়াধীশ শৰত অৰবিন্দ ববদেৰ নেতৃত্বৰ এখন খণ্ড বিচাৰপীঠে অসম চৰকাৰলৈ উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে । লকডাউনৰ সময়ত চাহ শ্ৰমিকৰ মজুৰি আৰু ৰেচন প্ৰদান কি কাৰণে হোৱা নাই তাৰ উত্তৰ বিচাৰি অসম চৰকাৰলৈ পত্ৰখন প্ৰেৰণ কৰা হৈছে । অনাগত ১০ দিনৰ ভিতৰত ৰাজ্য চৰকাৰক এই বিষয়ত উত্তৰ প্ৰদান কৰিবলৈ কৈছে উচ্চতম ন্যায়ালয়ে ।

জ্যেষ্ঠ অধিবক্তা কোলিন গনছালভেছে চাহ শ্ৰমিকসকলৰ হৈ আদালতত যুক্তি আগবঢ়ায় । তেওঁ কয় যে, অসমৰ এখনো চাহ বাগিছাত এই মহামাৰী তথা লকডাউনৰ সময়ত শ্ৰমিকসকলে পাবলগীয়া ৰেচন, অত্যাৱশ্যকীয় সামগ্ৰী তথা মজুৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.