ETV Bharat / city

মহানগৰীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ !

বনাঞ্চলৰ অবৈধ উচ্ছেদৰ ফলত সাতগাঁও আৰু পাঞ্জাবাৰী অঞ্চলত বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৷ বন্যহস্তীয়ে অঞ্চলকেইটাত প্ৰৱেশ কৰি বহু বাসগৃহৰ গেট ভাঙি উপদ্ৰৱ চলাই ৷

satgaon_panjabari_ELEPHANT_persecuation
মহানগৰীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ!
author img

By

Published : Mar 6, 2020, 6:27 PM IST

Updated : Mar 6, 2020, 8:04 PM IST

গুৱাহাটী,6 মাৰ্চ : অবৈধ বনাঞ্চল ধ্বংসই বিপদত পেলাইছে জীৱকুলৰ লগতে মানৱ সমাজক । বৃহস্পতিবাৰে নিশা পাঞ্জাবাৰীত উপদ্ৰৱ চলাই এটা বন্যহস্তীয়ে ৷ আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা বন্যহস্তীটোৰ মুক্ত বিচৰণত পাঞ্জাবাৰী অঞ্চলত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীটোৱে অঞ্চলবাসীৰ বহু বাসগৃহৰ গেট ভাঙি উপদ্ৰৱ চলাই ৷

মহানগৰীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ!

ইফালে, নিশাৰ ভাগত পাঞ্জাবাৰী অঞ্চলত বিচৰণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা বন্যহস্তীটোৱে পুৱাৰ ভাগত সাতগাঁও বজাৰত উপদ্ৰৱ চলাই ৷ বৃহস্পতিবাৰে নিশাৰে পৰা শুকুৰবাৰৰ দিনৰ ভাগলৈ মুক্তমনে বিচৰণ কৰি অঞ্চলকেইটাত উপদ্ৰৱ চলোৱা বন্যহস্তীটোক অৱশেষত বন বিভাগ আৰু সাতগাঁও আৰক্ষীৰ তৎপৰতাত আমচাং অভয়াৰণ্যলৈ খেদি পঠিয়াই দিয়া হয় ৷

অধিক খবৰৰ বাবে: কিডনীত পাথৰ ধৰা পৰিছে অখিল গগৈৰ

Last Updated : Mar 6, 2020, 8:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.