ETV Bharat / city

কাৰ্যকৰ্তাৰ আৰ্শীবাদৰ বাবেই দলৰ সৰ্বোচ্চ সমিতিত অন্তর্ভুক্ত হ’লো: সোণোৱাল

author img

By

Published : Sep 4, 2022, 10:42 PM IST

বিজেপিৰ সৰ্বোচ্চ সমিতিত অন্তর্ভুক্ত হোৱাৰ পিছত প্ৰথমবাৰলৈ অসম ভ্ৰমণলৈ অহা সৰ্বানন্দ সোণোৱালক বাজপেয়ী ভৱনত দলীয় কাৰ্যকৰ্তাৰ উষ্ম আদৰণি(Sonowal received a huge welcome in Guwahati) । বিজেপিৰ অসম প্ৰদেশৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই দলৰ সংগঠনক মজবুত কৰাৰ বাবে চলোৱা প্ৰয়াসৰ বাবেই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই উত্তৰ-পূৰ্বাঞ্চলক সদায় সর্বাধিক গুৰুত্ব দি অহাৰ কথা উল্লেখ সোণোৱালৰ ।

Sonowal received a huge welcome in Guwahati
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী,৪ ছেপ্টেম্বৰ: 'দলৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ সমিতি সংসদীয় ব'ৰ্ড আৰু দলৰ কেন্দ্ৰীয় নিবাৰ্চন সমিতিৰ সদস্য হিচাপে বিজেপিয়ে মোক নিৰ্বাচিত কৰিছে(Sarbananda Sonowal inducted in party's top body) । এয়া দলৰ কাৰ্যকৰ্তাৰ শুভেচ্ছা আৰু আৰ্শীবাদৰ বাবে সম্ভৱ হৈ উঠিছে ।' এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ(BJP's Parliamentary Board member Sarbananda Sonowal) । বিজেপিৰ সৰ্বোচ্চ সমিতিত অন্তর্ভুক্ত হোৱাৰ পিছত দেওবাৰে প্ৰথমবাৰলৈ অসমলৈ অহা সোণোৱালে দলীয় কাৰ্যকৰ্তাৰ শুভেচ্ছা গ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে(BJP parliamentary Board) ।

উল্লেখ্য যে আজি বিয়লি নতুন দিল্লীৰ পৰা গুৱাহাটীত আহি উপস্থিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৰাজ্যিক বিজেপিৰ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয় উষ্ম আদৰণি জনোৱা হয় । দলীয় কাৰ্যকৰ্তাক উদ্দেশ্যি তেওঁ কয়- "মোৰ কান্ধত আপোনালোকে গামোছা পিন্ধাই শুভেচ্ছা দিয়াৰ লগে লগে সামাজিক দায়িত্ব আৰু অধিক বৃদ্ধি পালে । সেয়েহে আপোনালোকে মৰম আৰু শ্ৰদ্ধাৰে দিয়া সকলো দায়িত্ব মই অতি নিষ্ঠাৰে পালন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ-পূৰ্বাঞ্চলক উজ্জীৱিত কৰি ৰখাৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰিম" ।

তেওঁ আৰু কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই দলৰ সংগঠনক মজবুত কৰা বাবে কৰা প্ৰয়াসৰ বাবেই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই উত্তৰ-পূৰ্বাঞ্চলক সদায় সৰ্বাধিক গুৰুত্ব দি আহিছে । ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ নেতৃত্বই অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিশেষ কোনো গুৰুত্ব দিয়া নাছিল বুলি তেওঁ অভিযোগ উত্থাপন কৰে । ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, মন্ত্ৰী বিমল বড়া আৰু নন্দিতা গালোর্ছা, সাংসদ ভূৱনেশ্বৰ কলিতা, দলৰ ৰাজ্যিক উপ-সভাপতি ৰেখাৰাণী দাস বড়ো, জয়ন্ত দাস আৰু নৱ কুমাৰ দলেৰ উপস্থিতিত দলৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁত ধৰে দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাই ।

সোণোৱালে বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতেই প্ৰথমে মহানগৰীৰ বশিষ্ঠত নির্মীয়মান দলৰ মুখ্য কাৰ্যালয় চৌহদত উপস্থিত হৈ নির্মাণ প্ৰক্ৰিয়া বুজ লয়(Sarbananda Sonowal Visits New BJP Office) । ইয়াৰ পিছতেই সোণোৱালে উজান বজাৰস্থিত ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ-পূৰ্বাঞ্চলৰ নৱনিৰ্মিত কাৰ্যালয় পদ্ম ভৱনত উপস্থিত হৈ দলীয় কার্যকৰ্তাৰ সৈতে মত বিনিময় কৰে । পদ্ম ভৱনৰ পিছতেই সোণোৱাল উপস্থিত হয় হেঙেৰাবাৰীস্থিত দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত । ৰাজ্যিক কাৰ্যালয়ৰ অনুষ্ঠান অন্ত পৰাৰ পিছতেই মহানগৰীৰ বৰবাৰীস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ সংঘৰ জ্যেষ্ঠ প্ৰচাৰক সকলৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক: গুৱাহাটীত সৰ্বানন্দ সোণোৱালক বিপুল আদৰণি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.