ETV Bharat / city

Pratidin Achievers Award: ১৪ গৰাকী বৰেণ্য ব্যক্তিলৈ সাদিন-প্ৰতিদিন এচিভাৰ্চ এৱাৰ্ড - প্ৰতিদিন এচিভাৰ্চ এৱাৰ্ড অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ ওম বিৰলা

শুকুৰবাৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত 14 গৰাকী পুৰোধা ব্যক্তিলৈ আগবঢ়োৱা হয় প্ৰতিদিন এচিভাৰ্চ এৱাৰ্ড (Sadin Pratidin Achievers Award 2021) ৷ এই উদ্দেশ্যে শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে লোকসভাৰ অধ্যক্ষ ওম বিৰলা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷

১৪ গৰাকী বৰেণ্য ব্যক্তিলৈ সাদিন-প্ৰতিদিন এচিভাৰ্চ এৱাৰ্ড

author img

By

Published : Dec 24, 2021, 8:44 PM IST

গুৱাহাটী, 24 ডিচেম্বৰ: সাদিন-প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰত সাহিত্য, সংস্কৃতি তথা বিভিন্ন দিশত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৪ গৰাকী ব্যক্তিক প্ৰতিদিন এচিভাৰ্চ এৱাৰ্ড (Sadin Pratidin Achievers Award 2021) প্ৰদান কৰা হয় । ইয়াৰে ভিতৰত ক্ৰীড়াত বক্সাৰ ভাগ্যৱতী কছাৰী আৰু ফিলাও বসুমতাৰী, বিজ্ঞান আৰু উদ্ভাৱন শাখাত গৱেষক বিনয় কুমাৰ শইকীয়া, সংগীতত জুবিন গাৰ্গ, সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট নাট্যকাৰ ৰতন থিয়াম, কলা শাখাত বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদলৈ এচিভাৰ্চ এৱাৰ্ড প্ৰদান কৰাৰ লগতে প্ৰান্তিক আলোচনীৰ প্ৰতিস্থাপক প্ৰদীপ বৰুৱালৈ সাদিন সাংবাদিকতা আৰু সাহিত্য বঁটা, বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙলৈ জীৱনজোৰা সাধনাৰ বঁটা আগবঢ়োৱা হয় ।

বঁটা প্ৰদান অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ ওম বিৰলা (Om Birla at Sadin Pratidin Achievers Award function) আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ লগতে অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেন উপস্থিত থাকে । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে, গণতন্ত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । স্বাধীনতা আন্দোলনৰ সময়তো মিডিয়াই গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । এতিয়াও মিডিয়াই ভূমিকা লৈ আছে ।

১৪ গৰাকী বৰেণ্য ব্যক্তিলৈ সাদিন-প্ৰতিদিন এচিভাৰ্চ এৱাৰ্ড

লগতে তেওঁ কয় যে, স্বতন্ত্ৰ আৰু নিৰপেক্ষ মিডিয়াৰ কথা সংবিধানত উল্লেখ কৰা আছে । যোৱা সময়ছোৱাত সংবাদ মাধ্যমলৈ পৰিৱৰ্তন আহিছে । সংবাদ মাধ্যমৰ নিৰপেক্ষতাৰ ওপৰত গুৰুত্ব দি কয় যে, মিছা বাতৰিয়ে সমাজত ক্ষতি কৰিছে । জন প্ৰতিনিধি আৰু ৰাইজ সম্মিলিত হৈ কাম কৰিলেহে উত্তৰ-পূৰ্বাঞ্চল অধিক উন্নয়ন হ'ব ।

এচিভাৰ্চ এৱাৰ্ড প্ৰদান অনুষ্ঠানটোত আদৰণি ভাষণ দিয়ে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই । অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেনে কয় যে, ভাৰতীয় সভ্যতাৰ লগত উত্তৰ পূৰ্বাঞ্চল অতীতৰ পৰা জড়িত । অৰুণাচলৰ ইতিহাস বহু বৰ্ণময় । ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ পাঠ্যপুথিত এই ইতিহাসবোৰ সন্নিৱিষ্ট কৰা(History of North East in NCERT book)ৰ বাবে তেওঁ আহ্বান জনায় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উদ্যোগৰ আদৰণি জনায় । অনুষ্ঠানতে সাদিন-প্ৰতিদিন গোষ্ঠীৰ ৫ গৰাকী সাংবাদিকক ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক: লখিমপুৰৰ নাট্যকৰ্মী দয়াল কৃষ্ণ নাথলৈ পশ্চিমবংগৰ সাংস্কৃতিক গোষ্ঠীৰ বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.