গুৱাহাটী, ২৭ আগষ্ট: সুস্থ সমাজ বিকাশ চক্ৰৰ উদ্যোগত শনিবাৰে মহানগৰীৰ সাহিত্য সভা ভৱনত অসমৰ বৌদ্ধিক সমাজৰ একাংশ প্ৰতিনিধিৰ মাজত সাম্প্ৰতিক অসমত চৰকাৰী ভাষা নীতি আৰু ইয়াৰ সাম্ভাব্য পৰিণতি সম্পৰ্কে এখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয়(Asam Sahitya Sabha) । এই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলে তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী ভাষাত অংক আৰু বিজ্ঞান পাঠ্যক্ৰমৰ শিক্ষা প্ৰদানৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ সন্দৰ্ভত আলোচনা কৰে(Assam Government new education structure) । মেজমেলৰ প্ৰতিনিধিসকলে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি অবিলম্বে এই সিদ্ধান্ত বাতিলৰ দাবী জনায় ।
ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলে সৰ্বসন্মতভাৱে গ্ৰহণ কৰা প্ৰস্তাৱত স্পষ্টভাৱে কোৱা হয় যে, তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞানৰ ইংৰাজী ভাষাৰে শিক্ষা প্ৰদান কৰি অসম চৰকাৰে প্ৰকৃততে অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থা ধ্বংস কৰিব বিচাৰিছে ৷ তেওঁলোকে লগতে উল্লেখ কৰে যে, চৰকাৰে ইয়াৰ দ্বাৰা প্ৰকৃততে চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাটোকে ধ্বংসমুখী কৰি অসমৰ সমগ্ৰ শিক্ষাখণ্ডটোক ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণৰ ষড়যন্ত্ৰ চলাইছে ৷
![Round table conference at Asam Sahitya Sabha Bhawan](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ass-ghy-03-video-photo-7210450_27082022175923_2708f_1661603363_567.jpg)
তেওঁলোকে লগতে কয় যে, প্ৰাথমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীক ইংৰাজী ভাষাত শিক্ষাদান কৰিলে তেওঁলোকে আয়ত্ত কৰাত ব্যৰ্থও হ’ব পাৰে ৷ যাৰ কু-প্ৰভাৱ মাধ্যমিক আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰতো পৰিব । ইয়াৰ দ্বাৰা সাধাৰণ ছাত্ৰ-ছাত্ৰী গুণমান সম্পন্ন শিক্ষাৰ পৰা বঞ্চিত হ’ব পাৰে । তেওঁলোকে সেয়ে চৰকাৰক অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানত প্ৰাথমিক পৰ্যায়ত অংক আৰু বিজ্ঞানৰ পাঠদান মাতৃ ভাষাতেই প্ৰদান কৰাৰ বাবে আহ্বান জনায় ৷ ইয়াৰ লগতে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ পৰ্যাপ্ত শিক্ষক আৰু প্ৰয়োজনীয় আন্তঃগাঁঠনি সুদৃঢ় কৰাৰ বাবেও দাবী জনায় ।
তেওঁলোকে চৰকাৰে শিক্ষানুষ্ঠান চামিলকৰণ কৰাৰ নামত বিদ্যালয় বিলুপ্তকৰণ কৰা প্ৰক্ৰিয়াৰো প্ৰতিবাদ জনায় । বিশিষ্ট লেখক অপূৰ্ব বৰুৱাই সভাপতিত্ব কৰা ঘূৰণীয়া মেজমেলখনত মাইনী মহন্ত, অজিৎ কুমাৰ ভূঞা, অদীপ কুমাৰ ফুকন, ডাঃ জয়ন্তী চুতীয়া, ময়ূৰ বৰা, অখিল ৰঞ্জন বৰাকে ধৰি বহুকেইগৰাকী বিশিষ্ট বুদ্ধিজীৱী আৰু সাংবাদিক উপস্থিত থাকে ।
লগতে পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উৰিল ক’লা পতাকা