ETV Bharat / city

Road accident statistics : ৰাজ্যত দৈনিক গড়ে সংঘটিত হয় ২১ টাকৈ পথ দুৰ্ঘটনা - Road accident statistics in Assam

ৰাজ্যত দৈনিক গড়ে সংঘটিত হৈ আহিছে ২১ টাকৈ পথ দুৰ্ঘটনা (Road accident statistics in Assam) ৷ দুৰ্ঘটনাত মৃত্যু হৈ আহিছে দৈনিক গড়ে চাৰিজন লোকৰ ৷ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগে প্ৰকাশ কৰিছে এই উদ্বেগজনক তথ্য ৷

ৰাজ্যত দৈনিক গড়ে সংঘটিত হয় ২১ টাকৈ পথ দুৰ্ঘটনা

author img

By

Published : Dec 25, 2021, 10:16 PM IST

গুৱাহাটী, ২৫ ডিচেম্বৰঃ ৰাজ্য চৰকাৰে দুৰ্ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি পথ সুৰক্ষাৰ সজাগতামূলক বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে । তথাপিও ৰাজ্যত দৈনিক গড়ে ২১ টাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । পথ দুৰ্ঘটনাত ৰাজ্যত দৈনিক গড়ে চাৰিজন লোকৰ মৃত্যু হয় । একপ্ৰকাৰ মৃত্যুদূতলৈ পৰিণত হৈছে ৰাজ্যৰ ঘাইপথসমূহ । বিগত চাৰি বছৰত ৰাজ্যখনত সংঘটিত হৈছে ৩০,৩৫৮টা পথ দুর্ঘটনা (Road accident statistics in Assam)। অর্থাৎ ৰাজ্যখনত দৈনিক গড়ে ২১টাকৈ পথ দুর্ঘটনা সংঘটিত হৈ আহিছে ।

ৰাজ্যবাসীৰ বাবে অত্যন্ত উদ্বেগজনক এই তথ্য প্ৰকাশ কৰিছে খোদ কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগে(Ministry of Road Transport & Highway) প্ৰকাশ কৰা বিস্তৃত তথ্য অনুসৰি ২০১৭ চনত ৰাজ্যখনত ৭১৭০ টা, ২০১৮ চনত ৮২৪৮ টা, ২০১৯ চনত ৮৩৫০ টা আৰু ২০২০ চনত ৬৫৯০ টা পথ দুর্ঘটনা সংঘটিত হৈছে । আনহাতে বিগত তিনি বছৰত ৰাজ্যখনত পথ দুর্ঘটনাত নিহত হৈছে ৪,৬৯৫জন লোক । অথাৎ দৈনিক ৰাজ্যখনত পথ দুর্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা হৈছে চাৰিজন ।

লগতে পঢ়ক: Bangladesh ferry tragedy: বাংলাদেশত যাত্ৰীবাহী ফেৰীত অগ্নিকাণ্ড, ৪১ জনৰ মৃত্যু

উল্লেখ্য যে, ৰাজ্যখনত প্ৰতিদিনে সংঘটিত হোৱা এই দুর্ঘটনাসমূহৰ ভিতৰত প্ৰায় দুটা দুর্ঘটনাই সংঘটিত হয় সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে । ইফালে ৰাজ্যখনত পথ দুর্ঘটনাৰ এটা প্ৰধান কাৰণ হৈছে পথসমূহৰ দুৰৱস্থা ।

ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে উজনি অসমলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ অৱস্থা সম্প্ৰতি অতিশয় শোচনীয় হৈ পৰিছে । যাৰ ফলত নিতৌ এইছোৱা পথত বৃদ্ধি পাবলৈ ধৰিছে পথ দুর্ঘটনাৰ সংখ্যা । যদিহে এই ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে ৰাজ্যখনত পথ দুর্ঘটনাৰ ফলত অকালতে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা নিতৌ বৃদ্ধি পাই গৈ থাকিব । ইফালে পথ সুৰক্ষাৰ বাবে দুচকীয়া বাহনত আৰোহীৰো হেলমেট বাধ্যতামূলক কৰা হৈছে । সেইদৰে চাৰিচকীয়া বাহনৰ যাত্ৰীয়ে চিটবেল্ট পৰিধান কৰা বাধ্যতামূলক কৰা হৈছে । আনহাতে ৰাজ্যজুৰি সুৰাপায়ী চালকৰ ক্ষেত্ৰত কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন ।

লগতে পঢ়ক: দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ Mig 21 : নিহত এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.