ETV Bharat / city

বিহুৰ পাছতে বৃদ্ধি পাব ফ্লেটৰ মূল্য

author img

By

Published : Apr 4, 2022, 9:44 PM IST

বিহুৰ পাছতে বৃদ্ধি পাব ফ্লেটৰ মূল্য (Prices of flat will be raised after Bihu) । নির্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে নির্মাণ খণ্ডত ৷ সোমবাৰে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল'পাৰ এছ'চিয়েশ্যন (এৰিডা )য়ে আয়োজন কৰা এখন সংবাদমেলত এছ'চিয়েশ্যনৰ সভাপতি পি কে শৰ্মাই এই কথা সদৰি কৰে ৷

rising-costs-prompt-assam-realtors-to-hike-apartment-rates-post-bihu
বিহুৰ পাছতে বৃদ্ধি পাব ফ্লেটৰ মূল্য

গুৱাহাটী, 4 এপ্ৰিল : বিহুৰ পাছতে বৃদ্ধি পাব ফ্লেটৰ মূল্য (Prices of flats will be raised after Bihu) । নির্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে নির্মাণ খণ্ডত ৷ সম্প্ৰতি পেট্ৰল-ডিজেলকে ধৰি দৈনন্দিন ব্যৱহাৰযোগ্য অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে জুৰুলা কৰি পেলাইছে ৰাষ্ট্ৰবাসীক ৷ সমগ্ৰ দেশৰ লগতে অসমতো সেই একে অৱস্থাই দেখা দিয়াৰ ফলত কোঙা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷ ইয়াৰ মাজতে মহানগৰীত নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে প্ৰভাৱ পেলাইছে নিৰ্মাণ খণ্ডত ।

সোমবাৰে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল'পাৰ এছ'চিয়েশ্যন (এৰিডা)য়ে আয়োজন কৰা এখন সংবাদমেলত এৰিডাৰ সভাপতি পি কে শৰ্মাই উল্লেখ কৰিলে বিহুৰ পিছতে ফ্লেটৰ প্ৰতি বৰ্গফুটত বৃদ্ধি পাব 600 টকাকৈ ( Assam Real Estate and Infrastructure Developers Association) । নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে নির্মাণ খণ্ডত । ব্যয় বৃদ্ধিৰ ফলত ৰিয়েল ইষ্টেট খণ্ডৰ প্ৰকল্পসমূহ প্ৰায় স্থবিৰ হৈ পৰিছে । যাৰ ফলত ফ্লেটৰ দাম বৃদ্ধি কৰিবলগীয়া হৈছে বুলি জনায় সভাপতিগৰাকীয়ে (AREIDA president P K Sharma) ৷

বিহুৰ পাছত বৃদ্ধি পাব ফ্লেটৰ মূল্য

বিশেষকৈ বহনযোগ্য ঘৰ নিৰ্মাণ এতিয়া অসম্ভৱ হৈ পৰিছে বুলি উল্লেখ কৰি শৰ্মাই কয় “অসমৰ বিল্ডাৰসকল বৰ্তমান উদ্বেগজনক পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু এই পৰিস্থিতিত কেতবোৰ পদক্ষেপ গ্ৰহণৰ বাহিৰে আন কোনো বিকল্প নোহোৱা হৈ পৰিছে। নির্মাণ প্ৰকল্পবোৰৰ পৰা আৰ্জিত ৰাজহে আনকি নিৰ্মাণৰ ব্যয়ো সামৰি ল’ব পৰা নাই ।”

তেওঁ কয়, বিক্ৰী নোহোৱা ফ্লেটৰ মূল্যবৃদ্ধি কৰাত বাধা নাই যদিও অগ্রিম বুকিং কৰা ফ্লেটৰ মূল্যবৃদ্ধি কৰাত বাধা আছে । কিন্তু বিগত আঢ়ৈ বছৰত ৰ'ড, চিমেণ্ট আৰু অন্যান্য নিৰ্মাণ সামগ্ৰীৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধিৰ ফলত পূৰ্বতে বুকিং কৰা মূল্যত ফ্লেট বিক্ৰী কৰাটো অসম্ভৱ হৈ পৰিছে । বর্তমান পৰিস্থিতিৰ বাবে মহাৰাষ্ট্ৰ আৰু এনচিআৰ ডেভ’লপাৰ্ছসকলে ইতিমধ্যে নির্মাণ সামগ্ৰী ক্ৰয় বন্ধ কৰি দিছে আৰু মূল্য যুক্তিসঙ্গত নোহোৱালৈকে কাম বন্ধ কৰি দিছে। দেশৰ বহু ৰাজ্যই এই সিদ্ধান্ত লৈছে ৷

বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এৰিডাৰ 26 মাৰ্চত অনুষ্ঠিত সাধাৰণ সভাত নিৰ্মাণৰ বৰ্ধিত ব্যয় পূৰণ কৰাৰ বাবে সৰ্বসন্মতিক্ৰমে 20 এপ্ৰিলৰ পৰা সকলো ফ্লেটৰ মূল্য প্ৰতি বৰ্গফুটত 600 টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে । ব্যয় বৃদ্ধিৰ এই বাস্তৱ সত্যৰ পৰা কোনেও পৰিত্ৰাণ পাব নোৱাৰে । সেয়া নিজৰ ঘৰ নিৰ্মাণ কৰা ব্যক্তি হওঁক নাইবা ফ্লেটৰ ক্ৰেতা হওঁক বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : Price Hike in Assam: অস্বাভাৱিক দামবৃদ্ধিত চৰম অসুবিধাত পৰিছে সৰ্বসাধাৰণ জনতা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.