গুৱাহাটী, 3 ছেপ্তম্বৰ : 2021 ত কংগ্ৰেছৰ চৰকাৰ আহিলে এক সপ্তাহৰ ভিতৰতেই কা আন্দোলনত জড়িত লোকৰ ওপৰত থকা সকলো গোচৰ উঠাই ল’ব কংগ্ৰেছে ৷ বৃহস্পতিবাৰে ৰাজীৱ ভৱনত আয়োজন কৰা এক সংবাদমেলত এই কথা ঘোষণা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷
বৃহস্পতিবাৰৰ সংবাদমেলত ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা বৰাৰ ‘‘চৰকাৰ এতিয়া বিত্তীয় সংকটত ভুগিছে, সেইকাৰণে ক’ভিড আক্ৰান্তৰ পৰা বিল লোৱাৰ কথা ঘোষণা কৰিছে ৷ বিত্তীয় সংকট যদি সঁচাকৈয়ে হৈছে তেন্তে চৰকাৰে হোৱাইট পেপাৰ প্ৰস্তুত কৰক । নামঘৰলৈ অনুদান, অৰুণোদয় আঁচনি এইবোৰত টকা কেনেকৈ আহিব, সেইয়া হোৱাইট পেপাৰৰ জৰিয়তে অসমৰ ৰাইজক অৱগত কৰক ।’’
আনহাতে কৰ’ণা প্ৰসংগকলৈও স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ৰিপুণ বৰাৰ ৷ বিধানসভাত দুদিন পূৰ্বে কৰ’ণাৰ চিকিৎসা বিনামূলীয়া হ’ব বুলি কৈছিল স্বাস্থ্য মন্ত্ৰীয়ে । কিন্তু তাৰ পাছতেই চৰকাৰে ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে বিল ল’ব বুলি ঘোষণা কৰা প্ৰসংগটো দুৰ্ভাগ্যজনক ৷ সমান্তৰালভাৱে হাস্পতালত অক্সিজেন যোগান দিয়া প্ৰতিষ্ঠানসমূহক ধন দিব নোৱাৰা বাবেই হাস্পতালত অক্সিজেনৰ অভাৱ দেখা গৈছে বুলিও সমালোচনা ৰিপুণ বৰাৰ ৷
ৰাজ্যৰ বিত্তীয় সংকটৰ বাবেই চৰকাৰে যোৱা 31 মাৰ্চৰ আগত বিভিন্ন বিভাগৰ ঠিকাদাৰ সকলে সম্পন্ন কৰা কামৰ মাত্ৰ 60 শতাংশ বিলহে আদায় দিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰিপুণ বৰাই ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা ব্যৱস্থাকলৈও সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ‘‘ৰাজ্যৰ প্ৰায় সকলো শিক্ষানুষ্ঠানে তেওঁলোকৰ পৰীক্ষা ব্যৱস্থা সন্দৰ্ভত নিজৰ নিজৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ দুই এক শিক্ষানুষ্ঠানে অনলাইন যোগে পৰীক্ষা সম্পন্নও কৰিলে ৷ তেনে প্ৰেক্ষাপটত গুৱাহাটী বিশ্ববিদ্যালয়ে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰাটো পৰিতাপৰ বিষয় বুলি কয় ৰিপুণ বৰাই ৷’’
লগতে চাওক-ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা