গুৱাহাটী, 21 এপ্ৰিল : গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ(MLA Jignesh Mevani arrested by Assam Police) কৰাৰ সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ বিধায়ক তথা দলিত নেতা মেৱানীক বুধবাৰে নিশা প্ৰায় 11.30 বজাত গুজৰাটৰ পালামপুৰস্থিত আৱৰ্ত ভৱনৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
কোকৰাঝাৰৰ অনুপ কুমাৰ দে’য়ে কোকৰাঝাৰ থানাত দাখিল কৰা এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে মেৱানীক(Gujarat Congress MLA Jignesh Mevani arrested) । দে’-এ অভিযোগ কৰা অনুসৰি, মেৱানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কিছুদিন পূৰ্বৰে পৰা কেইবাটাও টুইট কৰিছিল ৷ যিয়ে ব্যাপক সমালোচনাৰ সন্মুখীন হোৱাৰ লগতে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল ৷
মেৱানীৰ পোষ্টবোৰে এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ জনসাধাৰণৰ শান্তি বিঘ্নিত কৰাৰ লগতে অপৰাধমূলক কাৰ্য সংঘটিত কৰিবলৈ উচতনি দিয়া বুলিও অনুপ কুমাৰ দে’য়ে এজাহাৰত উল্লেখ কৰে ৷ মেৱানীক গ্ৰেপ্তাৰৰ পাছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গুৱাহাটীত সংবাদমেল পাতি এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে(Bhupen borah's reaction on MLA Jignesh Mevani arrested) ৷
বৰাই সংবাদমেলত কয় যে, গুজৰাটৰ বলিষ্ঠ কংগ্ৰেছ নেতাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দেশ তথা ৰাজ্যত পুলিচৰাজৰ প্ৰমাণ দিছে । অসম আৰক্ষীৰ এই দমন নীতিক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কঠোৰ ভাষাৰে নিন্দা কৰিছে । ভূপেন বৰাই আৰু কয় যে, বিগত 12 দিনত গুৱাহাটীত 13 টা মৃতদেহ ওলাইছে । অসম আৰক্ষীয়ে এই ক্ষেত্ৰত ঘটনাৰ তদন্ত কৰাত চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰিছে । কিন্তু এটা টুইটৰ বিৰুদ্ধে বিজেপি নেতাৰ হেঁচাৰ বাবে জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গুজৰাটত গৈ গ্ৰেপ্তাৰ কৰিছে ।
তেওঁ লগতে কয় যে, গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কংগ্ৰেছ দলক ভয় খুৱাবলৈ বিচাৰিছে । জিগনেশ মেৱানীৰ দৰে বলিষ্ঠ কণ্ঠক বিজেপিয়ে ৰুদ্ধ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছে । আমি দলৰ পৰা জিগনেশ মেৱানীক আইনীভাৱে মুকলি কৰাৰ বাবে তিনিগৰাকী অভিজ্ঞ অধিবক্তাক কোকৰাঝাৰলৈ প্ৰেৰণ কৰিছো । বৰ্তমান গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে গুৱাহাটীত 144 ধাৰা চলি থকাৰ বাবে আমি ৰাজপথত আন্দোলন কৰিব যোৱা নাই ।
তেওঁ শুকুৰবাৰৰ ভিতৰত জিগনেশ মেৱানীক আৰক্ষীয়ে মোকলাই নিদিলে অসম প্ৰদেশ কংগ্ৰেছে গুৱাহাটীত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে । উল্লেখ্য যে, গুজৰাটত গ্ৰেপ্তাৰ কৰা জিগনেশ মেৱানীক অসম আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা বিমানেৰে গুৱাহাটীলৈ আনে ৷ সম্প্ৰতি কোকৰাঝাৰলৈ নিয়া হৈছে বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক ।
লগতে পঢ়ক : MLA Jignesh Mevani arrested : কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ