গুৱাহাটী, 4 ছেপ্টেম্বৰ : কৰ'ণাৰ মাজতে অনুষ্টুপীয়াকৈ দুৰ্গা পূজা আয়োজনৰ বাবে সাজু হৈছে পূজা উদযাপন কমিটীসমূহ । এনে সময়তে আলফা স্বাধীনে পূজা আয়োজন কৰা কাৰ্যক বিৰোধিতা কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে । দুৰ্গা পূজাকলৈ আলফা স্বাধীনৰ বিবৃতি প্ৰকাশৰ পিছতেই পাণ্ডু-মালিগাঁও দুৰ্গা পূজা কমিটীসমূহৰ বিষয়ববীয়া জাঙুৰ খাই উঠিছে ।
বিষয়ববীয়াসকলে সংবাদ মাধ্যমৰ আগত কয় যে,"বিহু আৰু দুৰ্গা পূজাৰ মাজত আছে পাৰ্থক্য । আমি চৰকাৰী নিয়ম মানি পূজা আয়োজন কৰিম । আলফা স্বাধীনৰ এই বিবৃতিক কোনো গুৰুত্ব প্ৰদান নকৰো আমি ।"
ইফালে ক্ষুব্ধ বিষয়ববীয়াই আলফা স্বাধীন এনে কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে । আলফা স্বাধীনে বাংলাদেশৰ মৌলবাদী সংগঠন আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ লেখিয়া কথাবাৰ্তা কোৱা বুলি উল্লেখ কৰে এইসকল পূজা উদযাপন কমিটীৰ বিষয়ববীয়াই ।
লগতে পঢ়ক : ডিব্ৰুগড়ত কোভিড আক্ৰান্ত হৈ আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষকৰ মৃত্যু