ETV Bharat / city

নৱগ্ৰহ শ্মশান কালী মন্দিৰ খেলপথাৰত প্ৰতিবাদী সভা - Navagraha Crematorium

শিলপুখুৰী নৱগ্ৰহ শ্মশান কালী মন্দিৰ খেলপথাৰৰ ১ কঠা ১০ লেচা মাটি দীপক সংঘক অসম চৰকাৰে আৱন্টন দিছে । দীপক সংঘই ভূমিৰ আৱন্টন লাভ কৰাৰ পাছতেই খেলপথাৰখনৰ মাজত দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দীপক সংঘই ।

protest-meeting-at-navagraha-crematorium-kali-temple-ground
নৱগ্ৰহ শ্মশান কালী মন্দিৰ খেলপথাৰত প্ৰতিবাদী সভাত
author img

By

Published : Oct 31, 2021, 4:18 PM IST

গুৱাহাটী, ৩১ অক্টোবৰ : মধ্য পূৱ গুৱাহাটী বিহু সন্মিলনী আৰু স্থানীয় ৰাইজৰ যৌথ উদ্যোগত দীপক সংঘক অসম চৰকাৰে প্ৰদান কৰা শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান কালী মন্দিৰ খেলপথাৰৰ ভূমিৰ পৰিমাণ হ্ৰাস কৰাৰ দাবীত দেওবাৰে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় । প্ৰতিবাদী সভাত শিশুসকলে "মামা আমাৰ খেলপথাৰখন অক্ষুন্ন ৰাখি দীপক সংঘক ভূমি প্ৰদান কৰক" আদি শ্ল’গানৰ প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

নৱগ্ৰহ শ্মশান কালী মন্দিৰ খেলপথাৰত প্ৰতিবাদী সভাত

মধ্য পূৱ গুৱাহাটী বিহু সন্মিলনী আৰু স্থানীয় ৰাইজে দীপক সংঘক অসম চৰকাৰে প্ৰদান কৰা শিলপুখুৰী নৱগ্ৰহ শ্মশান কালী মন্দিৰ খেলপথাৰৰ ভূমিত স্থায়ী বেৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰাজহুৱা খেলপথাৰখন অক্ষুন্ন ৰখাৰ বাবে সংঘৰ বিষয়ববীয়াসকলক পুনৰ বিবেচনা কৰাৰ বাবে দাবী জনায় । বিহু সমিতিৰ বিষয়ববীয়াই সদৰি কৰা অনুসৰি চৰকাৰে দীপক সংঘক কালি মন্দিৰ খেলপথাৰত ১ কঠা ১০ লেচা মাটি আৱন্টন দিছে ।

দীপক সংঘই মাটি আৱন্টন লাভ কৰাৰ পাছতেই খেলপথাৰখনৰ মাজত দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । খেলপথাৰখনৰ মাজত দেৱাল নিৰ্মাণ কৰিলে অঞ্চলটোৰ শিশুসকলৰ বাবে খেলা ঠাই নোহোৱা হ’ব । তদুপৰি কালি মন্দিৰ খেলপথাৰত মধ্য গুৱাহাটী বিহুকে ধৰি ৰুদ্ৰযজ্ঞ, কালী পূজা, শিৱ পূজা আদি অনুষ্ঠিত হয় । দেৱালখন নিৰ্মাণ কৰিলে মুকলি ঠাইখিনি নোহোৱা হ’ব । সেয়েহে এই ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজ তথা বিহু সন্মিলনীয়ে ৷

লগতে পঢ়ক : এইবাৰ মাজুলীৰ উপ নিৰ্বাচন : অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ব কোন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.