ETV Bharat / city

Teachers Protest: প্ৰাদেশীকৰণ কৰক নতুবা গুলীয়াই হত্যা কৰাৰ আহ্বান মানৱ সম্পদ গঢ়োতাৰ

author img

By

Published : Dec 25, 2021, 12:02 AM IST

পুনৰ প্ৰতিবাদত বহিবলৈ বাধ্য হ’ল মানৱ সম্পদ গঢ়োতা ৷ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময়তে ন্যায্য প্ৰাপ্তিৰ দাবীত মহানগৰীৰ চচলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাই ৷ কৰযোৰ কৰিচৰকাৰক পদ প্ৰাদেশিকীকৰণ কৰক অথবা গুলীয়াই হত্যা কৰাৰ আহ্বান জনালে বিদ্যালয় এৰি প্ৰতিবাদস্থলীত বহা শিক্ষক-শিক্ষয়িত্ৰীসকলে (Protest by non provincialised teacher) ৷

প্ৰাদেশীকৰণ অথবা গুলীয়াই হত্যা কৰাৰ আহ্বান মানৱ সম্পদ গঢ়োতাৰ

গুৱাহাটী, ২৪ ডিচেম্বৰ: অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনাও সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাই পদ প্ৰদেশিকীকৰণৰ দাবীত চচলৰ ধৰ্ণাস্থলীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Protest by non provincialised teacher)। হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদী শিক্ষকসকলে ২০১৭-১৮ চনৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাদেশিকীকৰণ আইনৰ সংশোধন কৰি শিক্ষক-কৰ্মচাৰীৰ পদসমূহ প্ৰাদেশিকীকৰণৰ দাবী তোলে । যদিহে চৰকাৰৰ শিক্ষা বিভাগে অহা বিধানসভা অধিৱেশনৰ পূৰ্বে শিক্ষক হত্যাকাৰী আইনখন সংশোধনৰ ক্ষেত্ৰত তৎপৰতা গ্ৰহণ নকৰে, তেন্তে বিগত ২৫-৩০ বছৰে বিনা বেতনে শিক্ষকতা কৰি থকা শিক্ষকসকলক চৰকাৰে ৰাজপথলৈ উলিয়াই আনি দুৰ্ভগীয়া সন্তানৰ সন্মুখত কুকুৰ মেকুৰীৰ দৰে গুলীয়াই মাৰক নতুবা এনকাউণ্টাৰ কৰি মাৰক । এই হৃদয়বিদাৰক আহ্বান পদ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষকৰ ।

শুকুৰবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি ৰাজু কুলি, যুটীয়া সম্পাদক হৰমোহন বৰা আৰু পঞ্চম কুমাৰ মিলিয়ে কয় যে, অসম চৰকাৰৰ পদ প্ৰাদেশিকীকৰণ আইন ২০১৭ আৰু ২০১৮ (সংশোধনী)ৰ বিভিন্ন ধাৰা, উপ-ধাৰা থকাৰ বাবে প্ৰাথমিক পৰ্যায়ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ প্ৰায় ২৬০০ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হৈ আছে । তাৰোপৰি শিক্ষানুষ্ঠানসমূহ ১৯৯০ চনৰ পৰা ২০০৬ চনৰ ভিতৰত প্ৰতিষ্ঠিত আৰু পদ প্ৰাদেশিকীকৰণ আইন ২০১৭ আৰু ২০১৮ (সংশোধনী)ত নিৰ্ধাৰণ কৰা ভিত্তিবর্ষ ২০০৬ চনৰ ১ জানুৱাৰীৰ পিছত অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা অনুমতি আৰু স্বীকৃতিপ্ৰাপ্ত হয় । কিন্তু ২০১৩ আৰু ২০২১ চনত অসম চৰকাৰে কিছু বিদ্যালয়ৰ পদ প্ৰাদেশিকীৰণ কৰিলে যদিও বহু শিক্ষকৰ পদৰ ক্ষেত্ৰত অনমনীয় চৰ্ত আৰোপ কৰি প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে ।

আনহাতে হিন্দী ভাৰতৰ ৰাষ্ট্ৰভাষা, কিন্তু ২০২১ চনৰ পদ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াত মধ্য ইংৰাজী বিদ্যালয়ত হিন্দী আৰু আৰৱী বিষয় শিক্ষকৰ পদ প্ৰাদেশীকৰণ নকৰি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী উভয়কে বঞ্চিত কৰি ৰাখিছে । এই আইনখনক শিক্ষক হত্যকাৰী, এখন অভিশপ্ত আইন আখ্যা দি তেওঁলোকেআইনখনৰ আসোঁৱাহসমূহ দূৰ কৰি সকলো পৰ্যায়ৰ বিদ্যালয় আৰু বাদ পৰা শিক্ষক-কর্মচাৰীসকলক সামৰি ল'ব পৰাকৈ আইনখন সংশোধন কৰি বিনা বেতনে শিক্ষকতা কৰি থকা শিক্ষকসকলক ন্যায় প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰক কাতৰ অনুৰোধ জনায় ।

ইফালে চচলৰ প্ৰতিবাদস্থলীৰ পৰা দিছপুৰলৈ ওলোৱা প্ৰতিবাদী শিক্ষকসকলক বেৰিকেটেৰে বাধা প্ৰদান কৰে আৰক্ষীয়ে । ইয়াকে কেন্দ্ৰ কৰি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পৰৱৰ্তী সময়ত পূৱ গুৱাহাটী জিলাৰ আৰক্ষী আয়ুক্ত আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ অতিৰিক্ত সচিব আশীষ চৌধাৰী উপস্থিত হৈ প্ৰতিবাদকাৰীক আশ্বস্ত কৰাত পৰিস্থিতি কিছু শাম কাটে । শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াগৰাকীয়ে সমগ্ৰ বিষয়টো চৰকাৰক অৱগত কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে প্ৰতিবাদী শিক্ষকসকলক ।

লগতে পঢ়ক: National consumer day: গ্ৰাহক সুৰক্ষা আইন বলবৎ কৰাৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.