ETV Bharat / city

দীপৰ বিলৰ পাৰত অৱস্থান ধৰ্মঘট

ডাম্পিং গ্ৰাউণ্ডে বিপদ মাতিছে দীপৰ বিললৈ ৷ দেওবাৰে দীপৰ বিল সুৰক্ষা মঞ্চৰ আহ্বান মৰ্মে দীপৰ বিলৰ পাৰত থকা ঐতিহাসিক শ্ৰী শ্ৰীভাঙাৰা গোহাঁই থান চৌহদত দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰা হয় ( protest against dumping ground near Dipor Bil) ।

protest-against-dumping-ground-near-dipor-bil
দীপৰ বিলৰ পাৰত অৱস্থান ধৰ্মঘট
author img

By

Published : Jun 26, 2022, 10:08 PM IST

গুৱাহাটী ২৬ জুন : পুনৰ চৰ্চাত দীপৰ বিলৰ ডাম্পিং গ্ৰাউণ্ডৰ প্ৰসংগ ৷ গুৱাহাটী পৌৰ নিগমে পশ্চিম বৰাগাঁওৰ বেলৰতলত বিগত বৰ্ষৰ আগষ্ট মাহত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীশকৰণৰ নিৰ্দেশ উলংঘা কৰি কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাকৈ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা বাবে দাঁতি কাষৰীয়া ১৬ খন গাঁৱৰ বাসিন্দা সকলে দুৰ্গন্ধৰ সৈতে সহাৱস্থান কৰিব লগীয়া হৈছে ৷

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱশীষ শৰ্মাই বিগত ফেব্ৰুৱাৰী মাহতে ডাম্পিং গ্ৰাউণ্ডত এমাহৰ ভিতৰতে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি আৱৰ্জনা পেলোৱা হ’ব বুলি সদৰি কৰিছিল । পৰৱৰ্তী সময়ত সেই এমাহ উকলি গৈ তিনিমাহ অতিক্ৰম কৰাত মে' মাহত দীপৰ বিল সুৰক্ষা মঞ্চই ডাম্পিং গ্ৰাউণ্ডৰ সন্মুখত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাত নিগমৰ আয়ুক্ত দেৱশীষ শৰ্মাই ২৪ মে'ত দীপৰ বিল সুৰক্ষা মঞ্চৰ এটা সঁজাতি দলৰ সৈতে যুটীয়াভাৱে নাৱেৰে দীপৰ বিল পৰিদৰ্শন কৰিছিল ৷

লগতে ডাম্পিং গ্ৰাউণ্ডৰ দূষিত, গেলাপঁচা আৱৰ্জনাই দীপৰ বিলক কিদৰে প্ৰদূষিত কৰি বিলখনক মৃত্যুৰ মুখলৈ ঠেলি দিছে সেই দৃশ্য স্বচক্ষে প্ৰত্যক্ষ কৰি এমাহৰ ভিতৰতে দীপৰ বিলৰ পানী যাতে দূষিত নহয় তাৰ বাবে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিহে ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা পেলোৱা হ’ব বুলি ঘোষণা কৰিছিল । কিন্তু সেই ঘোষণাও উকলি যোৱাৰ পাছতো নিগমৰ ফালৰ পৰা ডাম্পিং গ্ৰাউণ্ডত কোনো ধৰণৰ ন্যূনতম ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ ৰাইজ উদ্বিগ্ন হৈ পৰিছে ।

protest-against-dumping-ground-near-dipor-bil
দীপৰ বিলৰ পাৰত অৱস্থান ধৰ্মঘট

অৱশেষত পৌৰ নিগমে বাৰে বাৰে ঘোষণা কৰিও সেই ঘোষণা কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত দেওবাৰে দীপৰ বিল সুৰক্ষা মঞ্চৰ আহ্বান মৰ্মে দীপৰ বিলৰ পাৰত থকা ঐতিহাসিক শ্ৰী শ্ৰীভাঙাৰা গোহাঁই থান চৌহদত দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰা হয় ( Protest against dumping ground near Dipor Bil) । দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চ, বৃহত্তৰ বৰাগাঁও মলয়ানগৰ উন্নয়ন মঞ্চ, দীপৰ বিল পাঁচপাৰা সমবায় সমিতি, পামহী কাৰ্বিপাৰা ৰাইজ গয়ৰহ, চকৰদৌ মিকিৰপাৰা ৰাইজ গয়ৰহ, চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহ, দেউচতাল নবজ্যোতি সংঘকে ধৰি বিভিন্ন দল সংগঠনৰ শতাধিক কৰ্মকর্তাসকল অংশগ্ৰহণ কৰে ৷

আনহাতে ধৰ্মঘটস্থলীত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ হৈ আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়াংশু ভৰদ্বাজ উপস্থিত হোৱাৰ পাছত দীপৰ বিল সুৰক্ষা মঞ্চই প্ৰদূষণ ৰোধ আৰু দীপৰ বিল সংৰক্ষণ কৰাৰ স্বাৰ্থত ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাকে (Demand to remove dumping ground near Dipor Bil) ধৰি কেবাদফীয়া দাবী সম্বলিত এখন স্মৰক পত্ৰ আজাৰা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসম চৰকাৰৰ মুখত সচিবলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: ওড়িশাত উদ্ধাৰ 14 টাকৈ প্ৰাচীন দেৱ-দেৱীৰ মূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.