ETV Bharat / city

ৰাজ্যত পথ নিৰ্মাণত ব্য়য় হ'ব 11,900 কোটি টকা : হিমন্ত বিশ্ব শৰ্মা - চাৰিখন নতুন চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল আয়োজন কৰি ৰাজ্যত আৰম্ভ কৰিবলগা বিভিন্ন আঁচনি সম্পৰ্কত মন্তব্য় আগবঢ়ায় ৷ পথ নিৰ্মাণৰ নামত অসম চৰকাৰে 11,900 কোটি টকা ব্য়য় কৰিব বুলি জানিবলৈ দিয়ে তেওঁ ৷

সংবাদমেল
হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Sep 12, 2020, 11:54 PM IST

গুৱাহাটী, 12 ছেপ্তেম্বৰ : এক সংবাদমেল যোগে ৰাজ্যৰ বিত্ত, গড়কাপ্তানি, শিক্ষা তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন আঁচনি সম্পৰ্কত মন্তব্য আগবঢ়ায় ৷ তেওঁ কয় যে, সমাগত নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত অসম চৰকাৰে কেৱল পথ নিৰ্মাণৰ কামত ব্যয় কৰিব 11,900 কোটি টকা । ইয়াৰে 2,626 কোটি টকাৰ প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে অনুমোদন আগবঢ়াইছে । আনহাতে, বাকী 6,074 কোটি টকাৰ অনুমোদন অহা মাৰ্চ মাহৰ পূৰ্বে বিদেশ মন্ত্ৰণালয়ৰ পৰা লাভ কৰা হ'ব । এই পুঁজিৰ বিপৰীতে এ ডি বি আৰু এ আই আই বি ঋণ থাকিব ।

আনহাতে, মন্ত্ৰীগৰাকীয়ে সংবাদমেলতে ৰাজ্যত চাৰিখন নতুন চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ কথাও ঘোষণা কৰে । ইয়াৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল আৰু কালিপাহাৰত প্ৰতিষ্ঠা হ'বলগীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালখন হ'ব পূৱ ভাৰতৰ ভিতৰতে বৃহৎ চিকিৎসা প্ৰতিষ্ঠান। আন প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় হাস্পতাল কেইখন নিৰ্মাণ হ'ব ক্ৰমে চৰাইদেউ, বিশ্বনাথ আৰু গোৱালপাৰাত । এই প্ৰকল্পৰ ক্ষেত্ৰত ব্যয় নিৰ্ধাৰণ কৰা হৈছে 2,050 কোটি টকা ।

উল্লেখ্য যে, সংবাদমেলতে হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে কেইবাটাও কৰিড'ৰ পথ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে । একেদৰে মহানগৰীৰ মালিগাঁৱৰ পৰা 420.75 কোটি টকা ব্যয় সাপেক্ষ কামাখ্যা সংযোগী উৰণীয়া সেঁতু আৰু তেজপুৰৰ মিছন চাৰিআলিত 321.41 কোটি টকা ব্যয় সাপেক্ষ উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

তাৎপৰ্যপূৰ্ণভাৱে, আজিৰ সংবাদমেলতে মন্ত্ৰীগৰাকীয়ে ৰাজ্যত 9 খন মহিলা কলেজ, 6 খন ডিগ্ৰী কলেজ আৰু 10 খন আইন মহাবিদ্যালয় প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰি প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত প্ৰায় চাৰি হাজাৰৰ শিক্ষক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে। উল্লেখ্য যে, এই সংবাদমেলত মন্ত্ৰীগৰাকীয়ে যোৱা 29 এপ্ৰিলত ঘোষণা কৰা ক'ভিড কেন্দ্ৰীক ব্যয় সংকোচনৰ অধিকাংশ চৰ্ত উঠাই লৈ প্ৰশাসনত এক নিয়মীয়া পৰিবেশ সৃষ্টি কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.