ETV Bharat / city

দূৰদৰ্শনৰ প্ৰথম অসমীয়া বাতৰি পঢ়োতা প্ৰতাপ বৰদলৈ আৰু নাই - Senior journalist Pratap Bordoloi passes away

বিশিষ্ট সাংবাদিক, বাতৰি পৰিৱেশক প্ৰতাপ বৰদলৈ আৰু নাই (Senior journalist Pratap Bordoloi passes away) ৷ দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাত ভূগি থকা প্ৰতাপ বৰদলৈয়ে গুৱাহাটীৰ জোনালীত থকা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৷ প্ৰাক্তন সাংবাদিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্রীয়ে ৷

journalist_pratap_bordoloi_
দূৰদৰ্শনৰ প্ৰথম অসমীয়া বাতৰি পঢ়োতা প্ৰতাপ বৰদলৈ আৰু নাই
author img

By

Published : Feb 19, 2022, 2:12 PM IST

গুৱাহাটী,১৯ ফেব্ৰুৱাৰীঃ অসমৰ সংবাদ জগতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থকা প্ৰতাপ বৰদলৈ ত্যাগ কৰে শেষ নিশ্বাস ৷ ৰেডিঅ' আৰু দূৰদৰ্শনৰ বাতৰি পৰিৱেশক হিচাপে বিশেষভাৱে জনপ্ৰিয় আছিল প্ৰতাপ বৰদলৈ। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ তেওঁ প্ৰাক্তন উপ-সঞ্চালক আছিল ।

journalist_pratap_bordoloi_
দূৰদৰ্শনৰ প্ৰথম অসমীয়া বাতৰি পঢ়োতা প্ৰতাপ বৰদলৈ আৰু নাই

বহুসময় ধৰি অসুস্থ হৈ আছিল প্ৰতাপ বৰদলৈ (Pratap Bordoloi passes away) । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২বছৰ । অসমত দূৰদৰ্শন সেৱা আৰম্ভ হোৱাৰ পাছত গুৱাহাটী দূৰদৰ্শনৰ সৈতে তেওঁ জড়িত হৈ পৰিছিল । দূৰদৰ্শনত প্ৰথম অসমীয়া বাতৰি পঢ়োতা আছিল প্ৰতাপ বৰদলৈ (First newsreader of Doordarshan Pratap bordoloi )।

ৰাজ্যৰ কেইবাটাও ব্যক্তিগতখণ্ডৰ সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল এইগৰাকী বিশিষ্ট সাংবাদিক । ৰুচিসন্মত বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত তেওঁ অসমৰ সংবাদজগতৰ বাটকটীয়া আছিল । অসমত চেটেলাইট টেলিভিছন চেনেলসমূহ অহাৰ পূৰ্বেই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সন্ধিয়া ৭ বজাৰ অসমীয়া বাতৰিৰ এক বিশেষ আকৰ্ষণ আছিল ।

সেই সময়ত দূৰদৰ্শনৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে প্ৰায়ে দৰ্শকৰ সন্মুখলৈ আহিছিল এখন চিনাকি মুখ, এটা চিনাকি কণ্ঠ। সেই চিনাকি মুখ আৰু চিনাকি কণ্ঠৰ বাতৰি পঢ়োতাগৰাকীয়েই আছিল প্ৰতাপ বৰদলৈ। সেই চিনাকি মুখ, চিনাকি কণ্ঠ আজি নোহোৱা হৈ পৰিল।

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ তেওঁ প্ৰাক্তন উপ-সঞ্চালক আছিল । গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত অসমৰে এটা নিউজ চেনেলৰ তেওঁ মুখ্য সম্পাদক আছিল । জ্যেষ্ঠ সাংবাদিক, অসমত টেলিভিছন সাংবাদিকতাৰ অন্যতম বাটকটীয়া তথা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ প্ৰাক্তন উপ-সঞ্চালক প্ৰতাপ বৰদলৈৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

শোক বাৰ্তাত মুখ্যমন্ত্রীয়ে কয় যে অনন্য আৰু শক্তিশালী কণ্ঠৰে আকাশবাণী আৰু দূৰদৰ্শনৰ শ্ৰোতা-দৰ্শকৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰতাপ বৰদলৈৰ বিয়োগ সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি (Senior journalist Pratap Bordoloi is no more)। ৰাজ্যৰ সংবাদ জগতলৈ তেখেতে আগবঢ়াই যোৱা অৱদানৰাজি স্মৰণীয় হৈ থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্রীয়ে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ আৰু দুগৰাকী কন্যাসহ ভালে সংখ্যক আত্মীয়-স্বজন এৰি থৈ গৈছে। সাংবাদিকগৰাকীৰ মৃত্যুত ৰাজ্যৰ সংবাদজগতত শোকৰ ছাঁ পৰিছে।

লগতে পঢ়ক: সীমান্তত খনন : অসম-নাগালেণ্ড সীমান্তত তেল উৎপাদনৰ বাবে সাজু অ' এন জি চি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.