ETV Bharat / city

জনতাক বিবেকবান ভোট দিয়াৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ - অসম গণ পৰিষদ

বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এক সংবাদমেল আয়োজন কৰি ৰাজ্যৰ জনসাধাৰণক বিবেকবান ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ লগতে যি দলে বা যি প্ৰাৰ্থীয়ে কেব (CAB) ৰ বিৰুদ্ধে সংসদত মাত মাতিব পাৰে তেনে প্ৰতিনিধিকহে জনতাই নিৰ্বাচনত ভোট দিয়া প্ৰয়োজন বূুলি মন্তব্য কৰে ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল
author img

By

Published : Apr 3, 2019, 4:46 PM IST

Updated : Apr 3, 2019, 4:56 PM IST

গুৱাহাটী,3এপ্ৰিল: অসমবাসী ৰাইজ তথা সকলোকে বিবেকবান ভোট দিবলৈ আহ্বান জনাইছে অসম গণ পৰিষদ দলৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । বুধবাৰে এক সংবাদমেলত সাধাৰণ ভোটাৰ ৰাইজক আহ্বান জনায় যে অসমীয়া জাতি আৰু অসমৰ সমস্যা সন্দৰ্ভত মাত মতা আৰু এই সমস্যাবোৰক সদনৰ মজিয়াত বলিষ্ঠভাৱে উত্থাপন কৰিব পৰা নেতাকেই সকলোৱে ভোট দি জয়যুক্ত কৰিব লাগে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল

মহন্তই লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত বহু বছৰ ধৰি বিজেপিৰ প্ৰভাৰী আছিল । যাৰ বাবে তেওঁ অসমৰ বিভিন্ন সমস্যাক ওচৰৰ পৰা জানে । নাগৰিকত্ব সংশোধনী বিধেয়ক(কেব)ক লৈ ৰাজ্যত যি সমস্যাৰ উদ্ভাৱন হৈছে সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভালদৰেই অৱগত বুলি মন্তব্য কৰে ৷ তেওঁ লগতে অসমৰ জাতীয় সংগঠনৰ লগতে আন আন সংগঠনেও নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তীব্ৰ বিৰোধিতা কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে ৷ আনহাতে কেৱল কংগ্ৰেছ দলেই কেবৰ বিৰোধিতা কৰা নাছিল, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনতা-দল সংগঠনৰ লগতে ভাৰতৰ বিভিন্ন সৰু সৰু আঞ্চলিক দলেও এই বিধেয়কৰ বিৰোধিতা কৰিছিল বুলি কৈ যিয়ে কেবৰ বিৰুদ্ধে সজোৰে মাত মাতিব পাৰে আৰু অসমৰ সমস্যাসমূহক সবলভাৱে সংসদত উত্থাপন কৰিব পাৰে তেনে দলক হে ভোট দিয়াৰ প্ৰয়োজন বুলি মন্তব্য কৰে প্ৰফুল্ল কুমাৰ মহন্তই ৷

Intro:প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্লা কুমাৰ মহন্তৰ গুৱাহাটীত সংবাদমেল।

Body:প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্লা কুমাৰ মহন্তয়ে গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰি কয় য়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা লোকসভাৰ প্ৰাৰ্থীক ভোট দি জয় যুক্ত কৰক।

Script at mail

Conclusion:Asrar Ansari
গুৱাহাটী
Last Updated : Apr 3, 2019, 4:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.