ETV Bharat / city

Protest Against Electricity Amendment Bill: বিধেয়ক বাতিলৰ দাবীত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদ - Protest Against Electricity Amendment Bill

বুধবাৰে পুৱাৰে গুৱাহাটীস্থিত মুখ্য কাৰ্যালয় বিজুলী ভৱনকে ধৰি ৰাজ্যৰ প্ৰতিটো চক্ৰ-সংমণ্ডল আৰু প্ৰকল্প সমূহৰ কাৰ্য্যালয়ৰ সম্মুখত এই বিধেয়ক বাতিল কৰাৰ দাবীত বিক্ষোভ প্ৰৰ্দশন কৰা হয়(Power sector employees to protest against Electricity Amendment Bill at Assam) ৷ লগতে এই সংশোধনী বিধেয়কখনৰ বিৰোধীতা কৰি প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে(Protester sent a memorandum to the Prime Minister) ।

power-sector-employees-to-protest-against-electricity-amendment-bill-at-assam
বিদ্যুৎ বিধেয়ক বাতিলৰ দাবীত বিদ্যুৎ কৰ্মচাৰীৰ বিক্ষোভ প্ৰদৰ্শন
author img

By

Published : Dec 8, 2021, 8:57 PM IST

গুৱাহাটী, 8 নৱেম্বৰ : সমগ্ৰ দেশতে অব্যাহত আছে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত বিদ্যুৎ সংশোধনী বিধেয়ক-2021 বাতিলৰ দাবীত প্ৰতিবাদ ৷ বুধবাৰে পুৱাৰে পৰা অসমতো এই সংশোধনী বিধেয়ক বাতিলৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়(protest against tabling of Electricity Amendment Bill) ৷ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয় বিজুলী ভৱনকে ধৰি ৰাজ্যৰ প্ৰতিটো চক্ৰ-সংমণ্ডল আৰু প্ৰকল্প সমূহৰ কাৰ্য্যালয়ৰ সম্মুখত এই বিধেয়ক বাতিল কৰাৰ দাবীত বিক্ষোভ প্ৰৰ্দশন কৰা হয় ।

power-sector-employees-to-protest-against-electricity-amendment-bill-at-assam
বিদ্যুৎ বিধেয়ক বাতিলৰ দাবীত বিদ্যুৎ কৰ্মচাৰীৰ বিক্ষোভ প্ৰদৰ্শন

ইয়াৰোপৰি জনসাধাৰণৰ অসুবিধাৰ কথা লক্ষ্য ৰাখি উক্ত সময়ত বিজুলী যোগান অব্যাহত ৰাখি বাকী সকলো প্ৰশাসনীয় কাৰ্য্যালয় আৰু ৰাজহ সংগ্ৰহ আদিত সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হয় বিজুলী সেৱা । আনহাতে, এই প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত বিদ্যুৎ সংশোধনী বিধেয়ক আইনত পৰিণত কৰি দেশৰ বিদ্যুৎ খণ্ডক সম্পূৰ্ণ ব্যক্তিগতকৰণ কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে ।

লগতে এই ষড়যন্ত্ৰ দীৰ্ঘ দিন ধৰি চলাই আছে যদিও বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সকলৰ আন্দোলনৰ লগতে ভালে সংখ্যক ৰাজ্য চৰকাৰে বিৰোধীতা কৰাৰ কাৰণে ব্যৰ্থ হৈছে বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে । ইতিমধ্যে এই সংশোধনী বিধেয়কখনৰ বিৰোধীতা কৰি প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে(Protester sent a memorandum to the Prime Minister) । উল্লেখ্য যে 15 ডিচেম্বৰত দিল্লীৰ সংসদ ভৱন আৰু যন্তৰ-মন্তৰত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ এক বিশাল গণ সমাৱেশ অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : General Bipin Rawat passed away : সেনাৰ হেলিকপ্টাৰতেই জীৱন সামৰিলে জেনেৰেল ৰাৱাটে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.