গুৱাহাটী,১০ অক্টোবৰ : কয়লাৰ নাটনিক কেন্দ্ৰ কৰি দেশত দেখা দিয়া বিদ্যুতৰ সংকটে অসমকো প্ৰভাৱিত কৰিব । কেন্দ্ৰীয় প্ৰকল্প আৰু মুকলি বজাৰৰ বিদ্যুতৰ ওপৰতে নিৰ্ভৰশীল অসমে এতিয়া ক্ৰয় কৰিবলৈ নাপাব প্ৰয়োজনীয় বিদ্যুৎ । এনে প্ৰেক্ষাপটত সম্প্ৰতি দেশত আন প্ৰান্তৰ লগতে অসমতো বিদ্যুতৰ সংকটে দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । উল্লেখযোগ্য যে, বৰ্তমান সময়ত অসমত দৈনিক পিক আৱাৰত ২,০০০-২,১০০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হয় ।

ইয়াৰে অধিকাংশ বিদ্যুৎ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (এ পি ডি চি এল) কেন্দ্ৰীয় প্ৰকল্প আৰু মুকলি বজাৰৰ পৰা ক্ৰয় কৰে । শক্তি বিভাগৰ এক সূত্ৰই জনোৱা মতে, এ পি ডি চি এলে দৈনিক প্ৰায় ১,২০০ মেগাৱাট বিদ্যুৎ কেন্দ্ৰীয় প্ৰকল্প সমূহৰ পৰা ক্ৰয় কৰে । আনহাতে ৩৫০ ৰ পৰা ৫০০ মেগাৱাট বিদ্যুৎ মুকলি বজাৰৰ পৰা ক্ৰয় কৰা হয় ।
অর্থাৎ দৈনিক ১,৭০০ মেগাৱাট বিদ্যুৎ অসমে বাহিৰৰ পৰা ক্ৰয় কৰে । ইয়াৰ বিপৰীতে অসম বিদ্যুৎ উৎপাদন নিগম লিমিটেডে (এ ই জি চি এল) মাত্ৰ ৩০০ ৰ পৰা ৩৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য মতে দেশৰ ৭০ শতাংশ বিদ্যুৎ তাপ-বিদ্যুৎ প্ৰকল্পত উৎপাদন হয় ।

তেনেস্থলত কয়লাৰ নাটনিৰ ফলত দেশত বিদ্যুত উৎপাদন স্বাভাৱিকতে হ্ৰাস পাব । কয়লাৰ অভাৱত বিদ্যুৎ উৎপাদন প্ৰকল্পসমূহ চলাব নোৱাৰিলে কেন্দ্ৰীয় প্ৰকল্পসমূহতো বিদ্যুত উৎপাদন অভাৱনীয়ভাৱে কমিব । এনে প্ৰেক্ষাপটত অসমে এতিয়াৰ দৰে কেন্দ্ৰীয় প্ৰকল্পৰ পৰা ক্ৰয় কৰিব নোৱাৰিব দৈনিক ১,২০০ মেগাৱাট বিদ্যুৎ ।
আনহাতে, কয়লাৰ নাটনি হোৱাৰ লগে লগে মুকলি বজাৰত আৰু বাঢ়িছে বিদ্যুতৰ দাম । এসপ্তাহ আগলৈ মুকলি বজাৰত প্ৰতি ইউনিট বিদ্যুতৰ মূল্য আছিল ৩ টকাৰ পৰা ৪ টকা । কিন্তু এতিয়া মুকলি বজাৰত প্ৰতি ইউনিট বিদ্যুতৰ দাম হৈছেগৈ ২০ টকা ।
এই মূল্য অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । এনে প্ৰেক্ষাপটত মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয়ৰ ক্ষেত্ৰতো চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এপিডিচিএল । লক্ষণীয় যে, এপিডিচিএলে প্ৰতি মাহে লোকচানৰ সন্মুখীন হৈ থকাৰ কথা নতুন নহয় ।
এনে সময়ত এতিয়া অত্যধিক হাৰত বিদ্যুৎ ক্ৰয় কৰিব লাগিলে এপিডিচিএল তথা ৰাজ্যৰ শক্তি বিভাগ যে, সংকটৰ সন্মুখীন হ'ব সেয়া নিশ্চিত । তদুপৰি মুকলি বজাৰত অধিক দাম দিব বিচাৰিলেও ক্ৰয় কৰিবলৈ বিদ্যুতৰ নাটনি হ'ব । এনে এক পৰিস্থিতিত আগন্তুক সময়ত ৰাজ্যখনে ভয়াৱহ বিদ্যুৎ সংকটৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে ৷
লগতে পঢ়কঃ ক'ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনাৰ মাজত শাৰদীয় দুৰ্গোৎসৱ