গুৱাহাটী,24 অক্টোবৰ: আজি মহা অষ্টমী । অষ্টমীৰ দিনাও মহানগৰীৰ বিভিন্ন স্থানত চলিল যানবাহন নিয়ন্ত্ৰন শাখাৰ আৰক্ষীৰ অভিযান। পুৱাৰে পৰা মহানগৰীৰ লতাশিলত যানবাহন নিয়ন্ত্ৰন শাখাৰ আৰক্ষীৰ নেতৃত্বত চলিল এই অভিযান । যিহেতু দুৰ্গা পূজাকলৈ প্ৰশাসনে কেইবাটাও কঠোৰ নিৰ্দেশনা বান্ধি দিছে, সেয়েহে কঠোৰ হৈছে মহানগৰ আৰক্ষীৰ যানবাহন নিয়ন্ত্ৰন শাখা ।
চৰকাৰী নিৰ্দেশ অনুসৰি দুচকীয়া বাহনত দুগৰাকীকৈ পুৰুষ উঠিব নোৱাৰে । এই নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে লতাশিলত চলালে অভিযান। আইন অমান্য কৰা লোকৰ বিৰুদ্ধে জৰিমনা বিহিলে আৰক্ষীয়ে । লগতে ক'ভিড প্ৰট'কল মানি ৰাইজক পূজা উপভোগ কৰিবলৈ আহ্বান ৰ আৰক্ষীৰ যানবাহন নিয়ন্ত্ৰন শাখাৰ ।
লগতে পঢ়ক: বিজেপি শাসন ওফৰাই গঠন কৰিব মিত্ৰজোঁটৰ চৰকাৰ: ৰকিবুল হুছেইন