গুৱাহাটী,27 মাৰ্চ : গুৱাহাটী মহানগৰীত অপৰাধজনিত ঘটনাৰ বৃদ্ধি পোৱাৰ সময়তে আৰক্ষীৰ জালত পৰিছে অবৈধ মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান ( Illegal arms licence ) কৰা এজন প্ৰৱঞ্চক । আটকাধীন লোকজনৰ নাম ৰাজেশ কুমাৰ নামৰ আৰক্ষীয়ে জানিব দিয়ে (Police arrested a person who issued an illegal arms licence) ৷
আৰক্ষীয়ে আটক কৰা ধৃত ৰাজেশ কুমাৰে বিগত 7 বছৰ ধৰি গুৱাহাটী মহানগৰীত বসবাস কৰি আছে জানিব পৰা গৈছে ৷ ইতিমধ্যে গুৱাহাটী আৰক্ষী অপৰাধ শাখাই লালমাটি পৰা আটক কৰা ধৃত ৰাজেশ কুমাৰৰ বিৰুদ্ধে পানবজাৰ থানা (Panbazar Police Station) ত 105/22 নম্বৰত এটা গোচৰ ৰুজু কৰিছে ৷
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, বিভিন্ন লোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ জালিয়াতিৰে যোগান ধৰি আহিছিল ৰাজেশ কুমাৰে ৷ এই মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ যোগান ধৰাৰ বিনিময়ত বৃহৎ ধন দাবী কৰে বুলি ৰাজেশ কুমাৰৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়ক : শিৱসাগৰত আৰক্ষীৰ গুণ্ডাগিৰি : সুৰাৰ ৰাগীত মাতাল ভাৰপ্ৰাপ্ত বিষয়া