ETV Bharat / city

ঢোল-পেঁপা বজাই দিল্লীত সোণোৱালৰে বিহু উপভোগ প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Apr 24, 2022, 9:32 AM IST

নতুন দিল্লীত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উদযাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ(PM Modi attends Bihu function at Sonowals residence) ৷ সোণোৱালৰ বাসগৃহত আয়োজন কৰা বিহু অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ ৷ বিহু নৃত্য উপভোগ কৰাৰ লগতে বিহুৱা দলৰে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে(PM Narendra Modi attends Bihu function) ৷

PM Narendra Modi attends Bihu function at Sonowal's residence
সোণোৱালৰ নতুন দিল্লীস্থিত বাসগৃহত বিহু উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ

নিউজ ডেস্ক, 24 এপ্ৰিল : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শনিবাৰে নতুন দিল্লীস্থিত বাসগৃহত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু অনুষ্ঠানৰ আয়োজন কৰে ৷ ৰঙালী বিহু অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে । প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত ঢোল, পেঁপা, তাল আদি অসমীয়া বাদ্যযন্ত্ৰ হাতত লৈ বজাবলৈ চেষ্টা কৰে ৷

  • Celebrating Rongali, the heartbeat of Assam!

    Privileged to host Hon'ble PM Shri @narendramodi ji, Ministers, MPs, dignitaries and members of the Assamese community for #RongaliBihu celebrations at my residence in New Delhi. pic.twitter.com/QdBOy0i6tw

    — Sarbananda Sonowal (@sarbanandsonwal) April 23, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত আয়োজিত ৰঙালী বিহু অনুষ্ঠানত কেইবাটাও অসমীয়া বিহুৱা দলে বিহু নৃত্য প্ৰদৰ্শন কৰে ৷ প্ৰধানমন্ত্ৰীয়ে অসমীয়া বিহু নৃত্য উপভোগ(PM Narendra Modi attends Bihu function) কৰাৰ লগতে উপস্থিত শিল্পী আৰু অতিথিসকলৰ সৈতে বাৰ্তালাপ কৰে ৷

PM Narendra Modi attends Bihu function at Sonowal's residence
অসমীয়া বিহুৱা দলৰে প্ৰধানমন্ত্ৰী

আনহাতে সোণোৱালে তেওঁৰ বাসগৃহত আয়োজিত বিহু অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰে ৷ সোণোৱালে অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে ৷ তেওঁ বিহু অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতি অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি আৰু ই অসমবাসী আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি থকা প্ৰধানমন্ত্ৰীৰ প্ৰেমক প্ৰতিফলিত কৰে বুলি মন্তব্য কৰে ।

সোণোৱালৰ সৈতে বিহু উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ

লগতে পঢ়ক : সপ্তম ভাৰত ঔদ্যোগিক মেলা পৰিদৰ্শন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.